তিনিদিনীয়া ভাৰত ভ্ৰমণ কার্যসূচীৰে কালি গুৱাহাটীত উপস্থিত হোৱা ভূটান নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংচুক আজি উপস্থিত হয় কাজিৰঙাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে উপস্থিত হোৱা ভূটানৰ ৰজা ৱাংচুকক কাজিৰঙাত উপস্থিত হোৱাৰ সময়ত উষ্ম আদৰণি জনায় কৃষিমন্ত্ৰী অতুল বৰাই ।
ৰজা গৰাকীক আদৰণি জনায় অতুলল বৰাই কয় –“কাজিৰঙালৈ তেওঁক আদৰিবলৈ পাই বোকাখাতবাসী তথা অসমবাসীৰ লগতে আমিও উৎফুল্লিত হৈছোঁ।তেখেতৰ এই বিশেষ উপস্থিতিয়ে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু ভাৰত-ভূটানৰ পাৰস্পৰিক সহযোগিতা তথা বন্ধুত্ব অধিক শক্তিশালী কৰিব বুলি আমি দৃঢ় বিশ্বাসী।“এই সময়ছোৱাত সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
ভূটান নৃপতিয়ে কাইলৈ পুৱা কহঁৰা বনাঞ্চলত হাতী ছাফাৰি কৰিব বুলি জানিব পৰা গৈছে ৷ আজি সন্ধিয়া এক নৈশভোজতো তেওঁ অংশগ্ৰহণ কৰিব ৷ ইতিমধ্যা আজি আৰু কাইলৈ কহঁৰাত পর্যটকৰ বাবে হাতী আৰু জীপ ছাফাৰি বন্ধ কৰি দিয়া হৈছে ৷