উন্নয়নৰ ঢাকধোল বজাই অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ ঋণৰ বোজা ক্ৰমাৎ বৃদ্ধি পাইছে ৷ চমক সৃষ্টিৰ বাবে এখনৰ পাছত আন এখন আঁচনি ৰূপায়ন কৰি হিতাধিকাৰী সৃষ্টিৰ সমান্তৰালকৈ প্ৰায় প্ৰতি মাহতে ঋণ লৈ আহিছে ৷ বিত্তীয় পৰিস্থিতৰ জোৰা মাৰিবলৈ অহা ৭ নৱেম্বৰত ৰাজ্য চৰকাৰে পুনৰ ১০০০ কোটি টকাৰ ঋণ ল’ব বুলি জানিব পৰা গৈছে ।
মুকলি বজাৰৰ পৰা ল’বলগীয়া এই ঋণৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম মাহৰ পৰাই ৰাজ্য চৰকাৰে ঋণ লৈ আহিছে। যোৱা মাহত ২০০০ কোটি আৰু ছেপ্টেম্বৰ মাহত ১৫০০ কোটি টকাৰ ঋণ লৈছিল চৰকাৰে।
প্ৰাপ্ত তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত ২৫,০০০ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য লৈছে চৰকাৰে।যোৱা আঢ়ৈ বছৰৰ ভিতৰত চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছে ৪৭ হেজাৰ কোটি টকা। ২০১৪-১৫ বিত্তীয় বৰ্ষত ৰাজ্যত ঋণৰ পৰিমাণ আছিল ৩১,৩০০.৯৯ কোটি টকা। এতিয়া সমগ্ৰ ঋণৰ পৰিমাণ ডেৰ লাখ কোটিৰ ঘৰ স্পৰ্শ কৰিছে।
ৰাজ্য চৰকাৰে এনেদৰে প্ৰতি মাহতে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এফালে বিভিন্ন সামগ্ৰীৰ দামবৃদ্ধিৰ মাধমাৰ সাধাৰণ ৰাইজৰ মূৰৰ ওপৰত পৰি আহিছে ৷ আনফালে ঋণ লৈ অৰুণোদয় হিতাধিকাৰী, আত্মসহায়ক গোট, নিবনুৱাক সংস্থাপনৰ নামত ৃণ লৈ হ’লেও ধন দিয়াৰ কথা ঘোষণা কৰিয়েই আছে মুখ্যমন্ত্ৰীয়ে ৷