উদীয়মান সাহিত্যিক ডাঃ নয়নজ্যোতি শর্মালৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ মুনীন বৰকটকী সাহিত্য বটাঁ ৷ সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ পুণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰপৰা অসমীয়া প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান কৰি আহিছে ৷মুনীন বৰকটকী স্মাৰক ন্যাসৰ ফালৰ পৰা এক বিবৃতিযোগে ডাঃ নয়নজ্যোতি শর্মাক এই বটাঁ প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷
মুনীন বৰকটকী সাহিত্য বঁটা ‘জাল কটা জুই’ শীর্ষক চুটিগল্প সংকলনৰ বাবে প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক নয়নজ্যোতি শৰ্মালৈ আগবঢ়োৱা হৈছে। ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ ন লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তি-পত্ৰ।