গোৱালপাৰাৰ আগিয়াত নিশা আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হয় । এই সংঘৰ্ষত দুজন দুৰ্ধৰ্ষ ডকাইতৰ মৃত্যু হয়। মৃত্যু হোৱা ডকাইত দুজন অমৰ থাপা আৰু শ্বেখ ফৰিদুল ইছলাম বুলি জানিব পৰা গৈছে। উক্ত সংঘৰ্ষত আগিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাস আহত হোৱাৰ লগতে দুজন কনিষ্টবল সামান্যভাৱে আহত হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি এক বিশেষ সূত্ৰৰ পম খেদি এএছপি ৰিতুৰাজ দ’লেৰ নেতৃত্বত এক অভিযান চলাইছিল ৷ ইয়াৰ মাজতেডকাইত দুজনে আৰক্ষীৰ দলটোক লক্ষ্য কৰি গুলীচালনা কৰে ৷ ইয়াৰ প্ৰত্যত্তুৰত আৰক্ষীয়েও তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীত অমৰ আৰু ফৰিদুলৰ মৃত্যু ঘটে ৷ নিহত অমৰ থাপা এজন ম’ষ্ট ৱাণ্টেড অপৰাধী আছিল ৷ কেইবাটাও ডকাইতি কাণ্ডৰে আৰক্ষীৰ নিদ্ৰাহৰণ কৰিছিল অমৰে ৷