টিহু,৬ নৱেম্বৰঃ বিশিষ্ট নাট্যকাৰ–পৰিচালক কুমুদ ভট্টাচাৰ্য্যলৈ জীৱন জোৰা সাধনাৰ বাবে “গুৰুবঁটা” প্ৰদান কৰা হৈছে। কলা সাংস্কৃতিক অনুষ্ঠান গুৰুগৃহই প্ৰদান কৰিছে এই বঁটা । টিহু নগৰত থকা নাট্যশিল্পী কুমুদ ভট্টাচাৰ্যৰ বাসগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নাট্যশিল্পীগৰাকীলৈ এই বঁটা প্ৰদান কৰা হয়। টিহু মহাবিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত উপাধ্যক্ষ গিৰীন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত উক্ত অনুষ্ঠানত গুৰুগৃহৰ প্ৰতিস্থাপক তথা প্ৰধান সঞ্চালক ড° মহীধৰ পাঠকে গুৰুগৃহ নামৰ অনুষ্ঠানটোৰ লক্ষ্য উদ্দেশ্য প্ৰকাশ কৰা লগতে ভৱিষ্যত কৰ্মসূচীৰ বিষয়েও অৱগত কৰে।
ভাষন প্ৰসংগত ড° পাঠকে কলা,সাংস্কৃতিক,ক্ৰীড়া আৰু স্বনিয়োজনৰ ওপৰতো গুৰগৃহই কৰ্মসূচী গ্ৰহন কৰা বুলি প্ৰকাশ কৰে। এগৰাকী নাট্যগুৰু হিচাপে গুৰুবঁটা গ্ৰহন কৰি বিশিষ্ট নাট্যকাৰ পৰিচাৰক কুমুদ ভট্টাচাৰ্যই নিজৰ অনুভৱ ব্যক্ত কৰি নিজকে গৌৰৱান্বিত বুলি কয়। উক্ত বঁটা গ্ৰহন কৰি তেওঁ পৰৱৰ্তী সময়ত নাট্য আন্দোলনত অধিক মনোনিৱেশ কৰিৰলৈ উৎসাহ আৰু প্ৰেৰণা লাভ কৰা বুলিও মত ব্যক্ত কৰে। কুলেন কলিতাই আঁত ধৰা উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অৱসৰী প্ৰসাশনিক বিষয়া ভৱানী প্ৰসাদ শৰ্মাই।
অনুষ্ঠানত টিহু পৌৰসভাৰ উপ পৌৰপতি ড° সুৰজিৎ বৰ্মন, টিহু ৰাজহুৱা পুথিভড়াল সমিতিৰ সম্পাদক শংকৰ কুমাৰ দাস, টিহু মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ বাবুল ডেকা আদিয়ে বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য নাট্যশিল্পী তথা অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সভাপতি কুমুদ ভট্টাচাৰ্য এগৰাকী নাট্যকাৰ পৰিচালকৰ উপৰি একেধাৰে আবৃত্তিকাৰ আৰু ঘোষক হিচাপেও পৰিচিত।