“পে পে গার্ল” হিচাপে খ্যাতি লাভ ৰা নামতি কৰিশ্মা নাথ পুনৰ বিতৰ্কত সোমাই পৰিছে ৷ নাম গোৱাৰ বাবে চুক্তিকৰিও নাম পৰিৱেশন কৰিবলৈ উপস্থিত নহ’ল কৰিশ্মা নাথ ৷ যাৰ বাবে নাম নোচোৱাকৈয়ে উভতি যাবলগীয়া হ’ল সহস্ৰাধিক দর্শক ৷ এই ঘটনা সংঘটিত হৈছে বাইহাটা চাৰিআলিৰ বিহদিয়া অঞ্চলত।
প্ৰাপ্ত তথ্য অনুসৰি বিহদিয়া গ্ৰাম্য সাৰথিৰ উদ্যোগত নাগাৰা নাম আয়োজন কৰা হৈছিল । নাম গাবলৈ নিমন্ত্ৰণ কৰা হৈছিল কৰিশ্মা নাথক। নাম গোৱাৰ বাবে চুক্তিবদ্ধ কৰি এহজাৰ টকা আগধনো দিয়া হৈছিল কৰিশ্মা নাথক। কমিটীয়ে অনুষ্ঠানৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰিলে ৷ নির্ধাৰিত সময়ত আহিল দর্শকো ৷ লাহে-লাহে পাৰ হ’ল সময়, কিন্তু উপস্থিত নহ’ল নামতি কৰিশ্মাৰ। বহু সময় অপেক্ষা কৰাৰ পাছতো কৰিশ্মা নাথ উপস্থিত নোহোৱাত বিমুখ হৈ ঘৰলৈ উভতি গ’ল দর্শকসকল । পিছদিনা পুৱা ৫ বজাতহে বিহদিয়ালৈ আহিল কৰিশ্মা নাথ ।
জানিব পৰা মতে একেটা দিনতে কৰিশ্মাই ৰাখিছিল দুখনকৈ নাম। প্ৰথমখন নাম গাই দ্বিতীয়খন নামৰ বাবে সময়ে মিলাব নোৱাৰিলে কৰিশ্মাই। সেয়ে সময়মতে উপস্থিত হ’ব নোৱাৰিলে বিহদিয়া গ্ৰাম্য সাৰথি উদ্যোগত আয়োজন কৰা অনুষ্ঠানত ৷এতিয়া ৰাজহুৱাকৈ ক্ষমা বিচাৰি আন এটা দিনত নাগাৰা পৰিৱেশন কৰিম বুলি প্ৰতিশ্ৰুতি দিলে কৰিশ্মাই। অৱশ্যে কৰিশ্মাক নাম পৰিৱেশন কৰিব দিয়া হ’বনে নহয় সেই সিদ্ধান্ত এই মুহূৰ্তলৈ গ্ৰহণ কৰা নাই কমিটীয়ে।