হয়তো মিজোৰামে ৰাজ্যখনৰ পৰা প্ৰথমগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ লাভ কৰিব। চৰকাৰে অনুমোদন দিলে মিজোৰামৰ পৰা প্ৰথমগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব মাৰ্লি ভেনকুঙ।
উচ্চ ন্যায়ালয়সমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে কিছুদিনৰ পৰা উচ্চতম ন্যায়ালয়ে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। ইয়াৰ উমান যোৱা মাহত কলেজিয়ামে পৰম্পৰা ভংগ কৰি একেবাৰতে ৯গৰাকী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক শপতবাক্য পাঠ কৰোৱাৰ পৰাই বুজিব পাৰি।
এনে সময়তে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে শুকুৰবাৰে নিশা এক জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰে। ন্যায়ালয়ে দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়সমূহত ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ একেবাৰতে ৬৮গৰাকী উপযুক্ত প্ৰাৰ্থীৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে।
কলেজিয়ামে ১২খন উচ্চ ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিৰ বাবে এই ৬৮গৰাকীৰ নাম অনুমোদন জনাইছে। নিযুক্তি দিবলগীয়া উচ্চ ন্যায়ালয়সমূহ হৈছে অসম, ছত্তীশগড়, কেৰেলা, পাঞ্জাৱ-হাৰিয়ানা, কৰ্ণাটক, মধ্যপ্ৰদেশ, মাদ্ৰাজ, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, ৰাজস্থান, এলাহাবাদ আৰু কলকাতা।
জানিবলৈ পোৱা মতে কলেজিয়ামে সাধাৰণতে অনুমোদনৰ ক্ষেত্ৰত একক সংখ্যাৰ মাত্ৰা অতিক্ৰম নকৰে যদিও একেলগে ৬৮গৰাকীৰ নামত অনুমোদন জনোৱাটোৱে উচ্চ ন্যায়ালয়সমূহত খালী হৈ থকা পদসমূহ পূৰণৰ প্ৰয়োজনীয়তাৰ কথাই সূচাইছে।
দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাৰ নেতৃত্বত গঠিত তিনিজনীয়া সদস্যৰ কলেজিয়ামে যোৱা ২৫ আগষ্ট আৰু ১ছেপ্টেম্বৰত অনুষ্ঠিত বৈঠকত ১১০গৰাকী প্ৰাৰ্থীৰ নাম গুৰুত্বসহকাৰে লৈছিল। আন দুগৰাকী সদস্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ এ এম খানিৱালকাৰক লৈ গঠিত কলেজিয়ামে শুকুৰবাৰে নিশা ৬৮গৰাকীৰ নামৰ তালিকা প্ৰকাশ কৰে।
বৰ্তমান অনুমোদিত ৬৮ গৰাকীৰ ভিতৰত বাৰ’ৰ পৰা ৪৪গৰাকী আৰু ২৪গৰাকী জিলা ন্যায়াধীশ আছে। তালিকাত ১০গৰাকী মহিলাৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে।
উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাবে অনুমোদন জনোৱা এই ৬৮গৰাকীৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে মহিলা জুডিচিয়েল অ’ফিচাৰ মাৰ্লি ভেনকুঙৰ নামো আছে। হয়তো নিৰ্বাচিত হৈ এগৰাকী অনুসূচীত জনজাতিৰ মহিলা ভেনকুঙে মিজোৰামৰ পৰা প্ৰথমগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ গৌৰৱ অৰ্জন কৰিব।