ক্ৰমাৎ সুস্থ হৈছে যুৱ প্ৰজন্মৰ হার্টথ্ৰ’ৱ জুবিন গার্গ ৷ অৱশ্যে আজিৰ দিনটো আইচিইউতে ৰখা হ’ব শিল্পী গৰাকীক ৷ কেইবাটাও স্বাস্থ্য পৰীক্ষাৰ লগতে নিৰীক্ষনৰ বাবে তেওঁক আইচিইউত ৰখা হ’ব ৷ আজি নিশা অথবা কাইলৈ পুৱা জুবিনক আইচিইউৰ পৰা কেবিনলৈ স্থানান্তৰ কৰা হ’ব ৷ প্ৰাপ্ত তথ্য অনুসৰি জুবিনে আজি পুৱাৰ আহাৰ গ্ৰহণ কৰিছে ৷
ইপিনে চিকিৎসকে জুবিনক জিৰণি লোৱাৰ পৰামর্শ দিছে ৷ যাৰ বাবে জুবিনৰ আগন্তুক কেইবাদিনৰো বিভিন্ন কার্যসূচী বাতিল কৰা হৈছে ৷ সমান্তৰালভাৱে আগন্তুক ছবি চিকাৰৰ শ্বুটিঙৰ বাবে তেওঁ পৰহিলৈ লণ্ডন যোৱাৰ কথা আছিল ৷ সদ্যহতে লণ্ডন যাত্ৰাও বাতিল কৰা হৈছে ৷ চিকিৎসকৰ পৰামর্শমতে জুবিনে কার্যসূচী বাতিল কৰি জিৰণিৰ সিদ্ধান্ত লৈছে ৷
নেমকেয়াৰ হাস্পতালৰ ছুপাৰস্পেচিয়েলিটি ৪ গৰাকী চিকিৎসকে জুবিনৰ স্বাস্থ্য পৰীক্ষা কৰি আছে ৷ তেওঁলোকৰ পৰামর্শমতেই আজিৰ দিনটো জুবিনক আইচিইউত ৰাখি নিৰীক্ষণ কৰা হ’ব ৷