ছত্তীশগড়, ৰাজস্থানৰ পাছত এইবাৰ নির্বাচনমুখী তেলেংগানাত ‘সক্ৰিয়’ হৈ পৰিছে কেন্দ্ৰীয় সংস্থা বলবৎকাৰী সঞ্চালকালয় (ইডি) । বলবৎকাৰী সঞ্চালকালয় (ইডি)ৰ আয়কৰ সংমণ্ডলে তেলেংগানাত চলাইছে এই অভিযান । খম্মামৰ কংগ্ৰেছ নেতা পি শ্ৰীনিবাস ৰেড্ডীৰ ঘৰ আৰু কাৰ্যালয়ত বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ইয়াৰ তালাচী অভিযান।
আগন্তুক বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ঘৰ আৰু কার্যালয়ত কি কাৰণত তালাচী চলোৱা হৈছে সেই সন্দর্ভত কোনো কথা প্ৰকাশ কৰা নাই ইডিয়ে ৷ তালাচী অভিযানৰ সময়ত শ্ৰীনিবাসৰ ঘৰৰ সন্মুখত উত্তেজিত কংগ্ৰেছ নেতা-কৰ্মীয়ে উপস্থিত হৈ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ লগতে বিক্ষোভ প্ৰদর্শন কৰে ৷
খাম্মাম জিলাৰ প্ৰভাৱশালী নেতা শ্ৰীনিবাসে চলিত বৰ্ষৰ জুন মাহত তেলেংগানাৰ শাসকীয় ভাৰত ৰাষ্ট্ৰ সমিতিৰ পৰা কংগ্ৰেছত যোগদান কৰিছিল। এইবাৰ বিধানসভা নিৰ্বাচনত তেওঁ পলেয়াৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাৎপৰ্যপূৰ্ণভাৱে শ্ৰীনিবাসে বুধবাৰে অভিযোগ উত্থাপন কৰিছিল যে নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় সংস্থাটোৱে কংগ্ৰেছ নেতাৰ ঘৰত অভিযান চলাব পাৰে।