দক্ষিণ-পূব এছিয়াৰ বিলুপ্তপ্ৰায় প্ৰজাতি দেওহাঁহ৷কিন্তু বৰ্তমান সময়ত অসমত বিৰল এই পক্ষী ৷ বিশেষকৈ অৰুণাচল প্ৰদেশৰ জলবিদ্যুৎ প্ৰকল্প নাইবা বিশাল মথাউৰি নির্মাণে অসমৰ এই ৰাজ্যিক চৰাই বগা পাখি থকা দেওহাঁহৰ জীৱনলৈ গুৰুতৰভাৱে ভাবুকি কঢ়িয়াই আনিছে৷
এই বিৰল প্ৰজাতিটোৰ সংৰক্ষণৰ বাবে প্ৰস্তুত কৰা এখন নথিত কোৱা হৈছে যে অৰুণাচল প্ৰদেশৰ লোহিত, দিবাং, ছিয়াং, সোৱনশিৰি আৰু কামেঙৰ দৰে নদীৰ প্ৰবাহৰ উঠা-নমাই চুবুৰীয়া ৰাজ্য অসমৰ দুটা প্ৰধান হাঁহ প্ৰজাতিৰ বাসস্থান ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাঁহৰ প্ৰজনন ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব ।
স্থানীয়ভাৱে দেও হাঁহ নামেৰে পৰিচিত এই বিৰল প্ৰজাতিৰ হাঁহটোক ২০০৩ চনত অসমৰ ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰা হয়।
অসম বন বিভাগৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী ন্যাসে প্ৰস্তুত কৰা এই নথিখন ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে যোৱা ৩ নৱেম্বৰত প্ৰকাশ কৰে।
য’ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এই বান্ধসমূহৰ নিৰ্মাণে হাঁহৰ বাসস্থানত পৰোক্ষভাৱে প্ৰভাৱ পেলাব আৰু বনাঞ্চলৰ ওপৰত মানুহৰ কাৰ্যকলাপ আৰু হেঁচা বৃদ্ধি কৰিব, যাৰ ফলত নদীৰ ওচৰত বাস কৰা লোকসকলেও কৃষি আৰু বসবাসযোগ্য ভূমি হেৰুৱাব ।
বগা পাখিযুক্ত এই হাঁহ দক্ষিণ-পূব এছিয়াত পোৱা বিলুপ্তপ্ৰায় প্ৰজাতি। এই প্ৰজাতিটোৰ বিশ্বব্যাপী জনসংখ্যা প্ৰায় ১০০০, ইয়াৰে বৃহৎ সংখ্যক অৰ্থাৎ প্ৰায় ২০০-৩০০ই অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।
কিন্তু নথিখনত প্ৰকাশ পাইছে যে বনাঞ্চলৰ বাসস্থান ব্যাপকভাৱে হেৰুৱাই পেলোৱা আৰু চিকাৰৰ বাবে বছৰ বছৰ ধৰি এই হাঁহৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাইছে, যাৰ ফলত এই হাঁহ প্ৰজাতিটো ক্ৰমাৎ বিলুপ্তিৰ পথত
যদিও নামেৰী আৰু দিহিং পাটকাই ইয়াৰ প্ৰধান বাসস্থান, তথাপিও অৰুণাচল প্ৰদেশৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যান আৰু পক্কে বাঘ সংৰক্ষিত বনাঞ্চলত আৰু মানস ৰাষ্ট্ৰীয় উদ্যান, হোলংপহাৰ বন্যপ্ৰাণী অভয়াৰণ্য, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দূমডুমা ডাংগোৰি সংৰক্ষিত বনাঞ্চল আৰু উচ্চ দিহিং সংৰক্ষিত বনাঞ্চলতো ক্ৰমাৎ হ্ৰাস পাইছে ইয়াৰ সংখ্যা।
বগা পাখি থকা এই হাঁহ মূলতঃ বনাঞ্চলত বাস কৰা এটা প্ৰজাতি আৰু ই সৰু সৰু বনাঞ্চল জলাশয়, পুখুৰী, জলাশয় আৰু লাহে লাহে গতি কৰা নৈ আৰু নৰ্দমাত বাস কৰে।
নথিখনত এই কথাও উল্লেখ কৰা হৈছে যে মাছ ধৰা আৰু জলসিঞ্চনৰ দৰে উদ্দেশ্যৰ বাবে বনাঞ্চলৰ ভিতৰৰ জলাশয় আৰু ইয়াৰ প্ৰান্তীয় অঞ্চলৰ পানী নিষ্কাশনে হাঁহৰ বাসস্থানৰ প্ৰতি আন এক উল্লেখযোগ্য ভাবুকি কঢ়িয়াই আনিছে।
“ডুমডুমা-ডাংগোৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰধান জলাশয় যিবোৰ এসময়ত এই প্ৰজাতিটোৰ প্ৰধান বাসস্থান আছিল, সেইবোৰক এতিয়া পানী নিষ্কাশন কৰি বতৰৰ কৃষি পথাৰলৈ ৰূপান্তৰিত কৰা হৈছে। যাৰ ফলত এই চৰাইবোৰৰ জীৱন সংকটময় হৈ পৰিছে ৷
তথ্য অনুসৰি ১৯৩০ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ২৭,০০০ বৰ্গ কিলোমিটাৰ জোৰা উত্তৰ-পূবৰ বনাঞ্চলসমূহৰ ধ্বংসলীলা, চিকাৰ, কৃষি পথাৰ আৰু চাহ বাগিচাত কীটনাশকৰ ব্যৱহাৰ, তেল নিৰ্গমন আৰু পূব অসমত মুকলিকৈ কয়লা খনন আদিবোৰো অৱশ্যেই এই দেওহাঁহ বোৰৰ অস্তিত্বৰ প্ৰতি আন কিছুমান ভাবুকি ।