ভাৰতবাসীলৈ এক সু-খবৰ ৷ কিয়নো ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত এতিয়া দ্ৰুতগতিত আগবাঢ়িছে অমাৰ দেশ ভাৰত। বিমান সংস্থা ইণ্ডিগ’ৰ সমৰ্থিত কোম্পানী ইটাৰগ্ল’ব এণ্টাৰপ্ৰাইজ আৰু আমেৰিকাৰ আৰ্চাৰ এভিয়েশনে ২০২৬ চনত আৰম্ভ কৰিবলৈ ওলাইছে সম্পূৰ্ণ বৈদ্যুতিক বিমান টেক্সি সেৱা ।
বৃহস্পতিবাৰে কোম্পানীটোৱে জনোৱা মতে, অতি সুলভ মূল্যত চলিব এই বৈদ্যুতিক বিমান টেক্সি সেৱা।
এনডিটিভিৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি যদিহে তেওঁলোকে এই সেৱা আগবঢ়োৱাৰ অনুমোদন পায় তেন্তে তেওঁলোকৰ মূল লক্ষ্য হ’ব বিশ্বৰ আটাইতকৈ জনবহুল দেশখনত পৰিবহণ সমস্যা সমাধানৰ প্ৰয়োজনীয়তাক মূলধন হিচাপে ব্যৱহাৰ কৰা।
অৱশ্যে দেশখনৰ বহু চহৰ প্ৰদূষণৰ সন্মুখীন হোৱাৰ সময়তে এই খবৰে যেন সুখী কৰি তুলিছে সকলোকে।
জানিব পৰা মতে প্ৰথম অৱস্থাত এই তিনিখন চহৰত আৰম্ভ হ’ব এই বৈদ্যুতিক বিমান টেক্সি সেৱা
এই ইভিটিঅ’এল বিমান নিৰ্মাণ কৰে, ক্ৰাইছলাৰৰ পিতৃ-মাতৃ ষ্টেলাণ্টিছ, বয়িং আৰু ইউনাইটেড এয়াৰলাইন্সৰ সমৰ্থিত আৰ্চাৰ এভিয়েশনে যাক চহৰৰ বিমান পৰিবহণৰ ভৱিষ্যত হিচাপে গণ্য কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই ‘মিডনাইট’ ই-বিমানখনে এজন পাইলটৰ সৈতে চাৰিজন যাত্ৰীক লৈ ১০০ মাইল (প্ৰায় ১৬১ কিলোমিটাৰ) দূৰত্ব অতিক্ৰম কৰিব পাৰিব । এই সেৱাৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী, মুম্বাই আৰু বেংগালুৰুত ২০০খন বিমানেৰে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰা।
প্ৰতিষ্ঠানটোৱে জনোৱা মতে দিল্লীত সাধাৰণতে গাড়ীৰে ৬০ৰ পৰা ৯০ মিনিট সময়ৰ প্ৰয়োজন হোৱা যাত্ৰাত এয়াৰ টেক্সিৰে সময় লাগিব প্ৰায় ৭ মিনিট ।
উল্লেখনীয় যে ইণ্টাৰগ্ল’ব এণ্টাৰপ্ৰাইজে এই ই-বিমানখন কাৰ্গো, লজিষ্টিক, চিকিৎসা, জৰুৰীকালীন আৰু চাৰ্টাৰ সেৱাৰ বাবেও ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।