এজোপা আচৰিত গছৰ এখন আচৰিত আলোকচিত্ৰ ৷যেন এগৰাকী মাতৃয়ে আলফুলে আলিংগন কৰি আছে তেওঁৰ মৃতপ্ৰায় সন্তানক ৷ সন্তানক জীয়াই ৰাখিবলৈ যেন আপ্ৰাণ চেষ্টা মাতৃৰ ৷
ফটোখনত দেখা পোৱা এজোপা ক্ষীণ গছ, যিজোপা গছ বছৰ বছৰ আগতেই কাটি পেলোৱা হৈছিল আৰু তেতিয়াৰ পৰাই কাষতে থকা ডাঙৰ গছজোপাই এগৰাকী মাতৃৰ দৰেই সাৱটি ৰাখি আহাৰ খুৱাই আছে গছজোপাক।
বসন্ত কালত একেলগে সাৰ পায় এই দুয়োজোপা গছ আৰু শৰৎ কালত একেলগেই যেন শুই পৰে ।
ই হ’ল এক আচৰিত প্ৰাকৃতিক পৰিঘটনা য’ত দুজোপা ভিন্ন গছৰ অংশ, সাধাৰণতে যি একে প্ৰজাতিৰ নহয় , একেলগে গজে আৰু ভাগ-বতৰা কৰে সিহঁতৰ পুষ্টিকৰ উপাদানসমূহ ৷
অতি আচৰিত যেন লাগিলেও সঁচাকৈয়ে ই অতি আচৰিত পৰিঘটনা নহয়নে ?
বিশেষ ভাৱে সক্ষম একো একোজন লোকৰ দৰেই এই ক্ষীণ গছজোপা যেন এজোপা বিশেষ ভাৱে সক্ষম গছ যাক সাহসেৰে ডাঙৰ দীঘল কৰিছে তেওঁৰ মাতৃৰূপী আনজোপা গছে ৷