দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছে যাদুৰাণী সুস্মিতা তালুকদাৰ ৷ সম্প্ৰতি তেওঁক চিকিৎসাৰ বাবে প্ৰয়োজন বহু লক্ষাধিক টকাৰ ৷ যাৰ বাবে তেওঁ ৰাইজক সহায়ৰ আহ্বান জনাইছে ৷ সুস্মিতাক উন্নত চিকিৎসাৰ বাবে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আজি ডেৰ লাখ টকাৰ অৰ্থসাহায্য আগবঢ়োৱা হয়৷ দলৰ হৈ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সুস্মিতাৰ হাতত এই সাহায্য অৰ্পণ কৰে৷ লগত থাকে দুলু আহমেদ, অমৃত খাটনীয়াৰ , সতীৰ্থ জিয়াউৰ ৰহমান আৰু ইফটিকাৰ হুছেইন৷
এই সন্দর্ভত পৰিষদৰ কার্যকৰী সভাপতি জগদীশ ভূঞাই কয় –“ৰবটিক অস্ত্ৰোপচাৰৰ বাবে যাদুৰাণীগৰাকীক প্ৰয়োজন ৩৫ লক্ষাধিক টকাৰ৷ অসমবাসীৰ সহায়-সহযোগিতাত সুস্মিতা সুস্থ হৈ উঠিব বুলি আমাৰ বিশ্বাস আছে৷ সুস্মিতা অকলশৰীয়া নহয়৷ প্ৰতিনিয়ত অসমবাসী সুস্মিতাৰ সৈতে আছে৷”