লোকসভা নির্বাচনৰ পূর্বে কংগ্ৰেছত সৃষ্টি হৈছে তীব্ৰ দলীয় সংঘাত ৷ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই শুকুৰবাৰে পদত্যাগ কৰাৰ পিছতে জিলাখনৰ ৰাজীৱ ভৱনত সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনা ৷
নিশা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ফটো সম্বলিত ফ্লেস্কৰ ফ্ৰেমত কলা ৰঙেৰে কোনো লোকে “বিজেপি এজেন্ট “বুলি লিখি থৈ যায় ৷ জ্যেষ্ঠনেতা ৰকিবুল হুছেইনৰ ফটোত কাৰ্যালয়ৰ ভিতৰত এনেদৰে বিজেপিৰ এজেন্ট বুলি লিখা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ একেদৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফটোত তামোলৰ পিক পেলোৱাৰ ঘটনাইয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
এই দুষ্কাৰ্য কোনে সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ উল্লেখ্য যে ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈৰ সংঘাতৰ বাবে সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰা বুলি চর্চা চলিছে ৷
শেহতীয়াকৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংগ ত্যাগ কৰাৰ পাছত ভাবুকিৰ সন্মুখীন হৈ সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰা বুলি চৰ্চা চলিছে ৷ ইফালে নগাঁও কংগ্ৰেছৰ ভিতৰত খামখেয়ালিৰ সৃষ্টি হোৱাৰ সময়তে বিধায়ক ৰকিবুল হুছেইনে নগাঁও এৰি ৰাজস্থানত আছেগৈ ৷