ভূমিকম্পৰ বাবে আইচলেণ্ডত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি যোৱা ১৪ ঘন্টাত দেশৰ কিছুমান বিশেষ অঞ্চলত কমেও ৮০০টা ভূমিকম্প সংঘটিত হৈছে। য’ত কেইবাবাৰো প্ৰবল কঁপনি অনুভৱ কৰা হৈছিল। ৰিখটাৰ স্কেলত আটাইতকৈ তীব্ৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৫.২। বাৰে বাৰে হোৱা ভূমিকম্পৰ বাবে আইচলেণ্ডত চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।
অক্টোবৰৰ শেষৰ পৰাই আইচলেণ্ডত সঘনাই ভূমিকম্প সংঘটিত হৈ আহিছে ৷অক্টোবৰৰ পৰা দেশৰ দক্ষিণ-পশ্চিম অংশত ৰেকজেন্স মালভূমিত কমেও ২৪ হাজাৰ কম্পন অনুভৱ কৰা হৈছে। শুকুৰবাৰৰ পৰা আৰু অধিক বৃদ্ধি পাইছে কঁপনিৰ মাত্ৰা। শীঘ্ৰে অঞ্চলটোত আগ্নেয়গিৰি বিস্ফোৰণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। সঘনাই হোৱা ভূমিকম্পই সেই কথাৰ ইংগিত দিছে ।
ৰেইকজাভিক মালভূমিত ভূমিকম্পৰ উৎসৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰত্বত গ্ৰীণ্ডাভিক গাঁওখন অৱস্থিত। এই গাঁৱত চাৰি হাজাৰ মানুহ বসবাস কৰে। বতৰ বিজ্ঞানীসকলে কয় যে আগ্নেয়গিৰি বিস্ফোৰণ হ’বলৈ আৰু কেইদিনমান লাগিব। আইচলেণ্ড প্ৰশাসনে এই গাঁওখন খালী কৰাৰ ব্যৱস্থা কৰিছে। জৰুৰীকালীন অৱস্থা জাৰি কৰি দেশবাসীক সকীয়াই দিয়া হৈছে। যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ কোৱা হৈছে।
শুকুৰবাৰে বিয়লি ৰেক্সজান্স মালভূমিত আৰম্ভ হয় প্ৰৱল কঁপনি। আইচলেণ্ডৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ৰেইকজান্স মালভূমিৰ গভীৰত মাটিৰ পৰা পাঁচ কিলোমিটাৰ তলত মেগমা জমা হৈ আছে। যদি ই ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে, তেন্তে বিস্ফোৰণ হ’ব। আইচলেণ্ড চৰকাৰে সকলো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে।