মাতৃৰ পিণ্ডদান কৰিবলৈ গৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা ডিব্ৰুগড়ৰ দিগন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।মোহনাঘাটৰ সমীপৰ পানী যুৱলিৰ কাষত উদ্ধাৰ কৰা হৈছে তেওঁৰ মৃতদেহ ৷ তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে তেওঁৰ ভাতৃ অনন্ত কাকতিৰ এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ৷
উল্লেখ্য যে যোৱা ৭ নৱেম্বৰত দুই ভাতৃ দিগন্ত আৰু অনন্ত কাকতি মাতৃৰ পিণ্ডদান কৰিবলৈ ব্ৰহ্মপুত্ৰলৈ গৈছিল। তাৰপিছতে নৈৰ দাঁতিত পিছলি প্ৰায় ৫ দিন ধৰি সন্ধানহীন হৈ আছিল তেওঁলোক ।
ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত দুই ভাতৃৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আহিছে । কিন্তু এই উদ্ধাৰ অভিযান চলি থকাৰ মাজতে সোমবাৰে জ্যেষ্ঠ ভাতৃ দিগন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ কৰা হয়। সম্প্ৰতি আনগৰাকী ভাতৃৰ সন্ধানত অৱ্যহত আছে উদ্ধাৰ অভিযান।