গুৱাহাটীৰ ছয়মাইলৰ এটা এপার্টমেণ্টত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ৷ ছয়মাইলস্থিত পূৰ্বাচা এপাৰ্টমেণ্টৰ এটা ফ্লেটত দেওবাৰে নিশা উদ্ধাৰ কৰা হৈছে মহিলা গৰাকীৰ মৃতদেহ। উৱলি যাব ধৰা অৱস্থাত উদ্ধাৰ হোৱা মৃত মহিলাগৰাকী বোকাজানৰ অঞ্জু দৰ্জী বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি মৃত অঞ্জুৱে মণিৰ খান নামৰ এজন লোকৰ সৈতে একেলগে ফ্লেটটোত বাস কৰিছিল ৷ অঞ্জু দৰ্জীয়ে গুৱাহাটীৰ এখন পাৰ্লাৰত কাম কৰিছিল।ভুৱা নথি দেখুৱাই মণি খানক স্বামী বুলি কৈ ফ্লেটটো ভাড়ালৈ লৈছিল অঞ্জুৱে। কিন্তু হাউলীৰ মণিৰ খান বিবাহিত আছিল আৰু তেওঁৰ দুটা সন্তান আছে। বিবাহিত হোৱাৰ পিছতো মণিয়ে অঞ্জুৰ সৈতে একেলগে প্ৰেম সম্পৰ্কত আছিল। প্ৰায় এসপ্তাহ পূৰ্বৰ পৰা মণি খান ফ্লেটত নাছিল বুলি জানিব পৰা গৈছে। বাহিৰৰ পৰা ফ্লেটটো লক কৰি ওলাই গৈছিল মণিৰ খান ৷ অঞ্জুৰ মৃতদেহ উদ্ধাৰৰ পাছতেই মণিৰ মোৱাইল ফোন বন্ধ হৈ পৰে ৷ বর্তমানলৈ তেওঁৰ কোনো সন্ধান আৰক্ষীয়ে লাভ কৰা নাই ৷
ইফালে যুৱতীগৰাকীৰ পৰিয়ালে মণিৰ খানৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ দাখিল কৰিছে। পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে । জানিব পৰা মতে মণিৰ খান গৰু সৰবৰাহকে ধৰি বিভিন্ন অবৈধ কার্য্যত জড়িত আছিল ৷ তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰজু হৈ আছে বুলিও জানিব পৰা গৈছে ৷ কিন্তু প্ৰকৃতার্থত ফ্লেটটোত কি হৈছিল সেয়া মণিৰ খানক কৰায়ত্ব কৰিলেহে পোহৰলৈ আহিব ৷