স্বাধীন ভাৰতৰ ৭৫ সংখ্যক বৰ্ষত দেশবাসীয়ে লাভ কৰিলে এক ইতিহাস প্ৰসিদ্ধ তথ্য। লালকিল্লাৰ পৰা দিল্লী বিধানসভালৈ পাঁচ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ এক সুৰংগ উদ্ধাৰ হোৱা ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
দিল্লী বিধান সভাৰ অধ্যক্ষ ৰামনিবাস গোৱেলে শুকুৰবাৰে এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰি কয় যে স্বাধীনতাৰ আগত দিল্লী বিধানসভা ভৱন চৌহদক আদালত হিচাপে ব্যৱহাৰ কৰিছিল ব্ৰিটিছ শাসকে।য’ত স্বাধীনতা সংগ্ৰামী সকলক বিচাৰৰ বাবে হাজিৰ কৰা হৈছিল।অৰ্থাৎ লালকিল্লাত বন্দীত্ব কটোৱা সংগ্ৰামী সত্বা সকলক এই পথেৰে অতি গোপনে লৈ অহা হৈছিল আদালতলৈ।
বিভিন্ন সময়ত এই সুৰংগৰ কথা চৰ্চা চলিছিল যদিও সঠিক তথ্য আৰু প্ৰমাণ পোৱা হোৱা নাছিল। যদিও অৱশেষত এই চৰ্চাৰ ৰহস্য ভেদ কৰিলে অধ্যক্ষ গোৱেলে।শুকুৰবাৰে দিল্লী বিধান সভা চৌহদত সুৰংগটোৰ মুখ আৱিষ্কাৰ হোৱাৰ পিছতেই এই সকলো কথা সত্য প্ৰমাণিত হ’ল।
এতিয়া সুৰংগটোৰ প্ৰৱেশদ্বাৰ অহা বছৰ ১৫ আগষ্টৰ ভিতৰত পৰিষ্কাৰ কৰি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব বুলি ঘোষণা কৰিছে বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে।অধ্যক্ষজনে লগতে জনাই যে সুৰংগটোৰ বৃ্হৎ অংশ ইতিমধ্যে মেট্ৰ’ ৰেলপথ নিৰ্মাণ আৰু পয়ঃ প্ৰণালী নিৰ্মাণৰ সময়ত ধ্বংসপ্ৰাপ্ত হৈছে।
তেনেক্ষেত্ৰত সুৰংগটো সম্পূৰ্ণকৈ উদ্ধাৰ কৰাতো সম্ভৱ নহ’ব।অধ্যক্ষ গৰাকীয়ে লগতে জনাই যে দেশৰ ৰাজধানী কলকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা পিছত দিল্লীৰ বিধান সভা চৌহদটো কেন্দ্ৰীয় বিধায়নী পৰিষদ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
উল্লেখ যোগ্য যে অধ্যক্ষ গৰাকীয়ে এইবুলিও উল্লেখ কৰে যে ১৯৯৩ চনত তেওঁ যেতিয়া বিধায়ক হৈছিল তেতিয়াই এই সুৰংগৰ কথা শুনিছিল যদিও কোনো তথ্য আৰু প্ৰমাণ পোৱা হোৱা নাছিল।কিন্তু এতিয়া এই সুৰংগৰ মুখ আৱিষ্কাৰ হোৱাৰ পিছত এই সকলো জনশ্ৰুতি সত্য প্ৰমাণিত কৰিলে।