লোকসভা নির্বাচনত বিজেপিৰ সৈতে মিত্ৰতাৰে বিপিএফ নির্বাচনত অৱতীর্ণ হ’ব বুলি প্ৰকাশ পাইছে ৷ শেহতীয়াকৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ দিল্লী ভ্ৰমণে এই ইংগিত প্ৰদান কৰিছিল ৷ আনকি ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাইয়ো বিপিএফৰ সহযোগ বিচাৰিছিল ৷ কিন্তু সদ্যহতে বিজেপিৰ মিত্ৰতাৰ প্ৰসংগ অস্বীকাৰ কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷
সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয় –“বিপিএফ বিজেপিৰ সৈতে মিত্ৰতা কৰিব বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে ৷ সেইটো আমাৰ দলৰ সিদ্ধান্ত নহয় ৷এইটো কোনোবাই অপপ্ৰচাৰ কৰিছে ৷ বিপিএফ হিচাপে অকলে নির্বাচনত প্ৰতিদ্বন্দিতা কৰিম ৷অহা ৩০ নৱেম্বৰত বাক্সা জিলাত আমাৰ চিডব্লিউচিৰ বৈঠক অনুষ্ঠিত হ’ব ৷ তাত এই বিষয়টো আমি আলোচনা কৰিম ৷ নতুন সিদ্ধান্ত হোৱা নাই ৷ আগৰ সিদ্ধান্তই বাহাল আছে ৷”