মানৱ সভ্যতা আগবাঢ়ি যোৱাৰ সময়তে একাংশৰ কাণ্ডই এতিয়াও আমাক লজ্জানত কৰে ৷ বিশেষকৈ সমাজৰ কিছুমান কুপ্ৰথা তথা অন্ধবিশ্বাসৰ ফলত সংঘটিত ঘটনাই মানৱ সমাজক লজ্জানত কৰে ৷ পুনৰ তেনে এক ঘটনাই সংঘটিত হ’ল গোসাঁইগাঁৱত ৷ ডাইনীৰ সন্দেহত হত্যা কৰা হ’ল এগৰাকী মহিলাক। গোসাঁইগাঁৱৰ তুলসীবিল থানাৰ অন্তৰ্গত ভোগঝৰা সহৰপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা । মাৰ্ছিলা মুৰ্মূ নামৰ মহিলাগৰাকীক ডাইনীৰ সন্দেহত হত্যা কৰা হৈছে । মহিলাগৰাকী সহৰপুৰৰ নিবাসী বুলি জানিব পৰা গৈছে।
জানিব পৰামতে, এই হত্যাকাণ্ডৰ সৈতে জড়িত লোকজনক কৰায়ত্ত কৰা হৈছে ৷ অভিযুক্তজন ২ নম্বৰ ফুলকুমাৰী গাঁৱৰ লক্ষ্ণ টুডু বুলি চিনাক্ত কৰা হৈছে। টুডুৱে ইতিমধ্যে মহিলা গৰাকীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।
অভিযুক্ত টুডুৱে মহিলাগৰাকীৰ সৈতে সুৰাপান কৰি তেওঁক নিচাসক্ত অৱস্থাত হত্যা কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।