যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা এক ঘটনা ৷ শিশু দিৱসৰ দিনটোতে যোৰহাটত পথৰ কাষত উদ্ধাৰ হ’ল এটি নৱজাতক ৷যোৰহাট চহৰৰ তৰাজান কাকতিগাঁও সেউজ নগৰত পথৰ কাষত কোনো পাষাণ হৃদয়ৰ লোকে পেলাই থৈ যোৱা নৱজাতক উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটিত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এটা বাসগৃহৰ দেৱালৰ বাহিৰত পথৰ কাষত এটা মোনাত ভৰাই কোনো লোকে নৱজাতক ল’ৰা শিশুটিক পেলাই থৈ যায় ।
বস্তাৰে মেৰিয়াই থোৱা নৱজাতকটিৰ মুখখন কাপোৰেৰে ঢাকি থোৱা অৱস্থাত আছিল। পুৱা একাংশ লোকে কেচুঁৱাৰ কান্দোন শুনি অনুসন্ধান কৰাত নৱজাতকটি উদ্ধাৰ হয় ৷ ইতিমধ্যে আৰক্ষীৰ লগতে জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিষয়া উপস্থিত হৈ সমগ্ৰ বিষয়টো তদাৰক কৰিছে। স্থানীয় লোকৰ তৎপৰতাত নৱজাতকটিক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভর্ত্তি কৰোৱা হৈছে ৷