হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী সামান্য পৰিমানে সালসলনি কৰা হৈছে । চৰকাৰী বন্ধৰ দিন হোৱাৰ বাবে দুটা মুখ্য বিষয় আৰু দুটা ঐচ্চিক বিষয়ৰ পৰীক্ষাৰ সময় সলনি কৰা হৈছে। ছেবাই নতুন সুচী প্ৰকাশ কৰিছে। ২০২৪ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা পৰীক্ষাৰ চাৰিটা বিষয়ৰ পৰীক্ষাৰ দিন কিছু সাল–সলনি কৰা হৈছে।
অহা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা সমাজ বিজ্ঞান পৰীক্ষা এদিন আগুৱাই দিয়া হৈছে। এতিয়া ১৯ ফেব্ৰুৱাৰীত অৰ্থাৎ সোমবাৰে সমাজ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব। আনহাতে, ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা সাধাৰণ বিজ্ঞানৰ পৰীক্ষা এদিন পিছুৱাই দিয়া হৈছে ৷ অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সাধাৰণ বিজ্ঞান ৷ ইফালে, দুটা ঐচ্চিক বিষয় ‘বয়ন আৰু চানেকি’ (weaving and textile design) আৰু ‘বড়ো’ বিষয়ৰ পৰীক্ষা ২৭ ফেব্ৰুৱাৰীতে পূর্ব নিৰ্ধাৰিত দিনতে অনুষ্ঠিত কৰা হ’ব ৷ কিন্তু পৰীক্ষাৰ সময়ৰ সাল–সলনি কৰা হৈছে। এতিয়া পুৱাৰ সলনি দিনৰ ১ বাজি ৩০ মিনিটৰ পৰা ৪ বাজি ৩০ মিনিটলৈ অনুষ্ঠিত হ’ব এই দুটা বিষয়ৰ পৰীক্ষা ।