জম্মু-কাশ্মীৰত সংঘটিত হৈছে ভয়াৱহ বাছ দুৰ্ঘটনা ৷ এই দুর্ঘটনাত কমেও ৩৬ জন যাত্ৰীৰ মৃত্যু হৈছে । জম্মু-কাশ্মীৰৰ ডোডা জিলাত বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি বুধবাৰে পুৱা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি যায়। এতিয়াও চলি আছে উদ্ধাৰৰ কাম। উদ্ধাৰ অভিযান অগ্ৰগতিৰ লগে লগে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। শেহতীয়া খবৰ অনুসৰি ৩৬ জন যাত্ৰীৰ মৃত্যু হৈছে। একাংশ লোকৰ শাৰীৰিক অৱস্থা অত্যন্ত সংকটজনক।
জম্মু-কাশ্মীৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি সেই বাছখনত ৪০ জনতকৈ অধিক যাত্ৰী আছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বাছখন ডডাৰজনে এটা খাৱৈৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত বাছখনৰ চকা পিচলি যায় আৰু যাত্ৰীসহ বাছখন প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি পৰে।
খবৰ পোৱাৰ পিছতে প্ৰশাসনৰ লোকে খৰধৰকৈ উদ্ধাৰ অভিযান কৰে । কেইবাজনো লোকক উদ্ধাৰ কৰা সম্ভৱ হৈছে।তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
এই দুৰ্ঘটনাৰ খবৰ পাই গভীৰ শোক প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিঙে। তেওঁ শোক প্ৰকাশ কৰি কয় -, “ডোডাত সংঘটিত হৈছে এক মৰ্মান্তিক বাছ দুৰ্ঘটনা। জীৱন হেৰুৱাটো বৰ বেদনাদায়ক। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ক্ষতিগ্ৰস্ত লোকসকলক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনৰ লগতে অন্যান্যসকলক নিৰ্দেশ দিয়া হৈছে।”
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুৰ্ঘটনাৰ খবৰ পাই শোক প্ৰকাশ কৰে। তেওঁৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত তেওঁ লিখিছে, “জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত হোৱা এক মৰ্মান্তিক বাছ দুৰ্ঘটনাত বহুকেইজন লোকৰ প্ৰাণ হেৰুৱাৰ কথা শুনি গভীৰভাৱে ব্যথিত হৈছো ।শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ।”