নগাঁও জিলা সত্ৰ মহাসভাৰ ত্ৰি বাৰ্ষিক পূৰ্নাঙ্গ অধিবেশন আৰু ত্ৰয়োবিংশতিত্ৰম সত্ৰীয়া সংস্কৃতি দিৱস আজি অনুষ্ঠিত হয়৷ বুধবাৰে নগাঁও জিলা পুথিভড়াল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত শ্ৰী শ্ৰী আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰ সৰ্বানন্দ মহন্ত আৰু শ্ৰী শ্ৰী ধৱলী বালিপাৰা সত্ৰৰ সত্ৰাধিকাৰ বনমালী গোস্বামীক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ উপৰি এই অনুষ্ঠানতে ৰেবত চন্দ্ৰ মহন্ত স্মাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখক, সমাজ সংগঠক, যশস্বী সাংস্কৃতিক কৰ্মী ভৱ গোস্বামীক ৷
বুধবাৰে পুৱা অসম সত্ৰ মহাসভাৰ ধ্বজা উত্তোলনৰে কাৰ্যসূচীৰ আৰম্ভনি হয় ৷ ধ্বজা উত্তোলন কৰে নগাঁও সত্ৰ মহাসভাৰ সভাপতি কেশবানন্দ গোস্বামীয়ে ৷ ইয়াৰ পিছতে স্মৃতি তৰ্পন কৰে কুশল চন্দ্ৰ মহন্তই ৷ পুৱা ১০বজাৰ পৰা নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক, প্ৰতিনিধি আৰু বিষয় বাচনি সভা খনি অনুষ্ঠিত হয় ৷
বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীয়ে ৷ সভাখনৰ আঁত ধৰে দিগন্ত প্ৰকাশ মহন্তই ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামী ৷ আমন্ত্ৰিত অতিথি হিচাপে অশোক কুমাৰ মহন্ত আৰু পৰমানন্দ গোস্বামী উপস্থিত থাকে ৷