কৃষি মন্ত্রী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে । গৌৰীসাগৰৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ধৃত যুৱকজন নিপ প্রতীম বৰুৱা।
উল্লেখ্য যে, সামাজিক মাধ্যমত মন্ত্রী অতুল বৰাক হত্যাৰ ভাবুকি দিছিল যুৱকজনে। তাৰ পাছতেই আৰক্ষীয়ে যুৱকজনৰ সন্ধানত অভিযান চলায় ৷যুৱকজন গৌৰীসাগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে এই ঘটনাৰ পাছতে দিজিপি জিপি সিঙেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ নির্বাচিত জনপ্ৰতিনিধিক এনেদৰে ভাবুকি দিয়া কার্য সহ্য কৰা নহ’ব বুলি তেওঁ প্ৰকাশ কৰিছিল ৷