মহানগৰীত চলিছে আয়কৰৰ অভিযান ৷ আগশাৰীৰ ব্যক্তিগত হাস্পতাল প্ৰীতাক্ষাৰ স্বত্বাধিকাৰীৰ বাসগৃহত চলিছে এই অভিযান ৷ বুধবাৰৰ নিশা ২ বজাৰ পৰা ১২জনীয়া এটা আয়কৰ বিভাগৰ দলে হাস্পতালখনৰ স্বত্বাধিকাৰী প্ৰমোদ শর্মাৰ বাসগৃহৰ লগতে হাস্পতালখনতো অভিযান চলায় ৷ জুৰোডাৰ একজ্টিকা গ্ৰীণ নামৰ এপার্টমেণ্টত থকা ডাঃ শর্মাৰ বাসগৃহত অভিযান চলোৱা হৈছে ৷
উল্লেখ্য যে দীর্ঘদিন ধৰি হাস্পতালখনে আয়কৰ ফাঁকি দি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ আয়কৰৰ তথ্য লিপিৱদ্ধ নকৰাৰ অভিযোগ দীর্ঘদিনীয়া ৷ যাৰ পৰিপ্ৰেক্ষিতত ডাঃ প্ৰমোদ শর্মাৰ বিৰুদ্ধে আয়কৰ বিভাগত এটা গোচৰ ৰুজু কৰা হৈছিল ৷ সেই গোচৰৰ ভিত্তিতে ডাঃ শর্মাৰ বাসগৃহ, হাস্পতালকে ধৰি কেইবাটাও স্থানত আয়কৰে অভিযান চলায় ৷