শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমনে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে কেতবোৰ নির্দেশনা জাৰি কৰিছে ৷ জিলাখনত গাহৰি মাংস ক্ৰয়-বিক্ৰয় আৰু সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে ৷ এই নির্দেশনা ভংগ কৰিলে শাস্তি বিহা হ’ব বুলিও জিলা প্ৰশাসনে সকীয়াই দিছে ৷অতিৰিক্ত জিলা দণ্ডাধীশে দিছে এই নির্দেশনা ৷
উল্লেখ্য যে জিলাখনৰ কেইবাটাও স্থানত আফ্ৰিকান ছোৱাইন ফ্লুৱে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ এই ফ্লুৰ সংক্ৰমনৰ ফলত বহু গাহৰিৰ মৃত্যু ঘটিছে ৷ মানুহৰ শৰীৰলৈ যাতে ভয়াৱহ আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমন নঘটে তাৰ বাবে জিলা প্ৰশাসনে এই নির্দেশ দিছে ৷