অসমবাসীলৈ পুনৰ এটা ভাল খবৰ আহিল।ইতিমধ্যে অভিনয়,সংগীত বা অন্যান্য দিশত বিশেষ পাৰদৰ্শিতাৰে বলীউদত খোপনি পুতিবলৈ সক্ষম হৈছে বহু কেইজন অসমীয়া যুৱক-যুৱতীয়ে।ইয়াৰ মাজতে পুনৰ অসমৰ এজন যুৱ পৰিচালকে আৰম্ভ কৰিছে বলীউদ যাত্ৰা।
’’এৱেকেনিঙচ” আৰু ”দ্যা ব্লেক কেট” শীৰ্ষক দুখনকৈ ভৌতিক-ফেন্টাচি চুটি ছবি পৰিচালনা কৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰা অসমৰ বিশ্বনাথ চাৰি আলিৰ সন্তান ভাৰ্গৱ শইকীয়াই প্ৰথম বাৰৰ বাবে এখন বলীউদৰ ছবিত পৰিচালক ৰূপে পদাপৰ্ণ কৰিব।
”বোক্সী” নামৰ প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ হিন্দী ভৌতিক-ফেন্টাচি ছবিত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিবলৈ আগবাঢ়িছে এইজন অসম সন্তানে।খবৰ অনুসৰি অহা ২৩ ছেপ্টেম্বৰৰ পৰা দাৰ্জিলিং আৰু চিকিমৰ গভীৰ অৰণ্যত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব।
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব মুম্বাইৰ ”পৰী”,”কৰখ”বোলছবি আৰু নেটফ্লিক্সৰ বি বি চিৰ ’’এ চুইটএব’ল বয়” চিৰিজত অভিনয় কৰা অভিনেত্ৰী মানসী মুলতানীয়ে।লগতে অভিনয় কৰিব প্ৰখ্যাত পৰিচালক প্ৰতীক গান্ধীৰ ছবি ”ডেৰ বিঘা জমিন”ত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা প্ৰশন্না বিষ্টে।
উল্লেখ যোগ্য যে বোক্সী ছবিখনত অসমীয়া ছবিৰ অভিনেত্ৰী কাচভী শৰ্মাকো এক বিশেষ চৰিত্ৰত দেখা যাব।কাচভী শৰ্মাই ইতিমধ্যে কথানদী,কানীন, ভগা খিড়িকিত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
বিশেষকৈ ভৌতিক ছবিৰ ক্ষেত্ৰত বৰ্তমানেও হিন্দী ছবি জগত বহু খিনি পিছ পৰি আছে। তেনেক্ষেত্ৰত ”বোক্সী” ছবিখনে এক পৰিবৰ্তন আনিব বুলি আশাবাদী ভাৰ্গৱ শইকীয়া।