ৰাজ্যৰ স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত ব্যাপক পৰিৱর্তনৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷ প্ৰাথমিক পদক্ষেপ হিচাপে একত্ৰিত কৰা হ’ব ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ৷এই দুয়োখন ব’ৰ্ড বিলুপ্ত কৰাৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ বৃহস্পতিবাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সাপ্তাহিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সংবাদ মেল যোগে সদৰি কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
জনতা ভৱনৰ জনসেৱা ভৱনত আয়োজিত সংবাদ মেলত মন্ত্ৰী বৰুৱাই প্ৰকাশ কৰা অনুসৰি দুয়োখন বৰ্ডক লৈ এখন নতুন বৰ্ড গঠন কৰা হ’ব। নতুন বৰ্ডখনৰ নাম হ’ব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ ( ASSAM STATE SCHOOL EDUCATION BOARD) (ASSEB)। পৰিষদ পৰিচালনা কৰিব এজন অধ্যক্ষই। অধ্যক্ষৰ তলত দুজন উপাধ্যক্ষ, এজন সচিব আৰু এজন পৰীক্ষা নিয়ন্ত্ৰক থাকিব। নতুন শিক্ষানীতিৰ আধাৰত একত্ৰিকৰণ কৰা হৈছে ছেবা আৰু সংসদ ৷