উত্তৰকাশীৰ নির্মীয়মান সুৰংগত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা নতুন উদ্যমেৰে আৰম্ভ কৰা হৈছে ৷ অনা হৈছে নতুন সঁজুলিৰে। ‘আমেৰিকান অ’জাৰ’ নামৰ ২৫ টন ওজনৰ মেচিনটো বায়ুসেনাৰ হেলিকপ্টাৰেৰে তিনিটা ভাগত দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ অনা হৈছে ৷ সকলো খণ্ড ছিলকেয়াৰাৰ দুৰ্যোগস্থলীলৈ অনাৰ পিছত নিশা ১১ বজাৰ ওচৰত অভিযান আৰম্ভ হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙৰ উপস্থিতিত আজিৰ পৰা আৰম্ভ হৈছে ধ্বংসাৱশেষৰ খনন।
ছিলকিয়াৰা আৰু বৰকোটৰ মাজত নিৰ্মিত সুৰংগটোৰ এটা অংশ ভাঙি পৰাৰ ফলত দেওবাৰে পুৱাৰে পৰা আবদ্ধ হৈ পৰিছে ৪০ জন শ্ৰমিক। ইয়াৰ ভিতৰত আছে অসমৰ দুজন শ্ৰমিক ৷ উদ্ধাৰ অভিযানৰ নেতৃত্ব দি আছে কৰ্ণেল দীপক পাটিলে। তেওঁ কয় যে এই কাম ‘নিউ অষ্ট্ৰিয়ান টানেলিং মেথড’ অনুসৰি কৰা হৈছে।
খননৰ লগতে ধ্বংসাৱশেষৰ মাজেৰে লোহাৰ পাইপ ভৰাই দিয়া হৈছে ৷ প্ৰায় তিনি ফুট দীঘল গাঁত এটাত আবদ্ধ হৈ থকা শ্ৰমিকসকলে কেনেবাকৈ খোজ কাঢ়ি ওলাই আহিব পৰা অৱস্থাত নাথাকে, তেন্তে তেওঁলোকক এক প্ৰকাৰৰ বেল্টযুক্ত জেকেট পিন্ধি বা ষ্ট্ৰেচাৰত টানি অনাৰ পৰিকল্পনা কৰা হৈছে ৷
বিদেশী বিশেষজ্ঞৰ পৰামৰ্শ লোৱা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ তথ্য অনুসৰি এই নতুন মেচিনটোৱে প্ৰতি ঘণ্টাত পাঁচ মিটাৰ পৰ্যন্ত খান্দিব পাৰিব।খমুঠতে ১২ৰ পৰা ১৫ ঘণ্টা সময় লাগিব লাগে খনন সম্পূর্ণ হওতে । কিন্তু ছাদৰ ঢালাইৰ পৰা ওলোৱা লোহাৰ দৰে বাধা সন্মুখত পৰিব পাৰে।
বুধবাৰে পুৱা প্ৰায় ২ বজাত উত্তৰকাশী জিলাত ভূমিকম্প অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.১। কিন্তু সুৰংগটো ভাঙি পৰাৰ প্ৰভাৱৰ বিষয়ে বিশেষভাৱে একো জানিব পৰা হোৱা নাই। আজি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে এই দুৰ্ঘটনাৰ পিছত এইবাৰ ৰাজ্যৰ সকলো সুৰংগ নিৰ্মাণ প্ৰকল্পৰ পৰ্যালোচনা কৰা হ’ব। ধমীয়ে কয়, ‘আমাক আৰু এনে সুৰংগৰ প্ৰয়োজন আৰু সেইবোৰ নিৰ্মাণ কৰা হৈছে। য’তেই নিৰ্মাণ কৰা হয়, আমি ইয়াৰ ওপৰত চকু ৰাখিছো।”
সুৰংগটোলৈ অক্সিজেন প্ৰেৰণৰ বাবে সংকীৰ্ণ পাইপত আবদ্ধ হৈ থকা শ্ৰমিকসকললৈ প্ৰয়োজনীয় লজিষ্টিক পঠোৱাৰ উপৰিও সেই পাইপৰ জৰিয়তে আত্মীয়-স্বজন আৰু বিষয়াসকলে তেওঁলোকৰ সৈতে কথা পাতিছে। তেওঁলোকৰ মনোবল অক্ষত ৰাখিবলৈ চেষ্টা কৰা হৈছে ।
উদ্ধাৰৰ পিছত শাৰীৰিক আৰু মানসিক চিকিৎসাৰ প্ৰয়োজন হ’ব বুলি চিকিৎসকে কয়। তেওঁলোকৰ তেজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্য ঠিক নহ’বও পাৰে। মাটিৰ তলত বহু সময় ধৰি ঠাণ্ডাৰ সংস্পৰ্শলৈ অহাৰ পিছত শৰীৰে উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ অপ্ৰস্তুত হ’ব পাৰে। সুৰংগটোৰ সমীপত চিকিৎসা আন্তঃগাঁথনি স্থাপন কৰা হৈছে।