ৰাজ্যজুৰি চলিছে ৰাসৰ প্ৰস্তুতি ৷ উজনি-নামনিত ৰাসৰ আখৰাত ব্যস্ত কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলে । কোনোৱে যদি লৈছে ৰাধাৰ ভাও আৰু আন কোনো আকৌ হৈছে শিশু কৃষ্ণ।
বিশেষকৈ ৰাস বুলি ক’লেই মনলৈ আহে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কথা ৷ প্ৰতিবছৰে অতি উলহ-মারেৰে ৰাস উদযাপন কৰা হয় মাজুলীত ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় ৷ মাজুলীৰ প্ৰতি প্ৰান্ততে চলিছে ৰাসৰ আখৰা ৷ নামনিত বৰপেটা, হাউলী, নলবাৰী, পলাশবাৰী আদিতো জাকজমকীয়াকৈ ৰাস উদষাপন কৰা হয় ৷ এইবাৰো এই স্থানসমূহত ৰাস উদযাপনৰ প্ৰস্তুতি প্ৰায় শেষ পর্যায়ত উপনীত হৈছে ৷
নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত শিয়ালমাৰীৰ কৃষ্ণপুৰি প্ৰবোধ আশ্ৰমত জীৱন্ত ৰাসৰ আখৰা চলিছে । সুদীৰ্ঘ ৪৭ বছৰ ধৰি টিহুৰ শিয়ালমাৰীৰ কৃষ্ণপুৰি প্ৰবোধ আশ্ৰমত অকুমাৰী ছোৱালীৰ দ্বাৰা প্ৰদৰ্শন কৰি অহা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ জীৱন্ত ৰাসলীলা। ব্যতিক্ৰমী এই ৰাসৰ আখৰাত কণ-কণ শিশু সকলৰ সমন্তৰালকৈ গাঁৱৰ মহিলা সকলো সমানে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। মহিলাসকলেও নাম প্ৰসংগৰে ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে। কৃষ্ণপুৰী প্ৰবোধ আশ্ৰমত ২৬ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৪৭সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ জীৱন্ত ৰাস লীলা কীৰ্তন মহোৎসৱ।