ৰাজ্যৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ ৩৩ টাকৈ সূতাৰ ভঁৰাল পুনৰ সক্ৰিয় কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। শুকুৰবাৰে গুৱাহাটীৰ আমবাৰীত থকা অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সভাগৃ্হত অনুষ্ঠিত হোৱা এক সভাত বিভাগীয় মন্ত্ৰী ইউ জি ব্ৰহ্মই ৰাজ্যত বিকল হৈ পৰা ৩৩ টা সূতাৰ ভঁৰাল পুনৰ সক্ৰিয় কৰি তোলাৰ কথা ঘোষণা কৰে।
সভাত মন্ত্ৰী ব্ৰহ্মই ৰাজ্যৰ বিভিন্ন জিলা মহকুমাত থকা সূতাৰ ভঁৰালসমূহৰ তত্বাৱধায়ক সকলৰ সৈতে মত বিনিময় কৰি সকলো সমস্যাৰ বুজ লৈ এই মৰি যোৱা সূতাৰ ভঁৰাল সমূহ সক্ৰিয় কৰি তুলিবলৈ নিৰ্দেশ জাৰি কৰে।
লগতে ক’ভিডৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা শিপিনীসকলক সকাহ দিবৰ বাবে ২০২২ চনৰ ৩১ মাৰ্চলৈ সূতাৰ ভঁৰালযোগে পূৰ্বৰ ৩০% পৰিবৰ্তে ৫০%ৰেহাই মূল্যত সূতা বিক্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
লগতে এই ভঁৰাল সমূহৰ যোগেদি শিপিনীসকলে বিচৰা সূতাহে যোগান ধৰিবলৈ বিভাগলৈ আহ্বান জনায় মন্ত্ৰীজনে।উল্লেখ যোগ্য যে মন্ত্ৰী ব্ৰহ্মই চৰকাৰে শিপিনী সকলৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ সু-ফল যাতে সকলো শিপিনীয়ে পাব পাৰে তাৰবাবে জিলা আৰু মহকুমা বিষয়া সকলক নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰিবলৈও আহ্বান জনায়।
এই মত-বিনিময় সভাত বিভাগীয় আয়ুক্ত সচিব মনালিছা গোস্বামী,সঞ্চালক পৰাগমণি মহন্ত আৰু ৰেচম বিভাগৰ সঞ্চালিকা কাজৰি ৰাজখোৱা উপস্থিত আছিল।