মণিপুৰৰ ইম্ফলৰ ওপৰেৰে আকাশত ইউএফঅ’ৰ সন্ধান কৰিছে ভাৰতীয় বায়ুসেনাই। ইতিমধ্যে অচিনাক্ত উৰণীয়া যানখন বিচাৰিবলৈ বায়ুসেনাই প্ৰেৰণ কৰিছে দুখন ৰাফেল বিমান। দেওবাৰে নিশা প্ৰায় ২.৩০ বজাত ইম্ফল বিমানবন্দৰৰ ওপৰেৰে উৰি থকা দেখা গৈছিল ঘূৰণীয়া আকৃতিৰ যানখন। যাৰ বাবেকেইবাখনো বাণিজ্যিক বিমানৰ উৰণ বাতিল কৰা হয়। কিছু সময়ৰ পাছত যানখন নোহোৱা হৈ যায় ৷
উৰণীয়া বস্তুটো প্ৰথমে ড্ৰ’ন বুলি ভবা হৈছিল। কিন্তু ড্ৰ’ন সাধাৰণতে ইমান ওপৰলৈ উৰিবলৈ সক্ষম নহয়। তেতিয়াৰ পৰাই ইউ এফ অ’ৰ বিষয়ে বিভিন্ন ধৰণৰ জল্পনা-কল্পনা চলি আহিছে। অচিনাক্ত ‘ইউএফঅ’ক একাংশই ‘এলিয়েন বাহন’ বুলিও গণ্য কৰে। এইবাৰ সেই ‘বাহন’ বিচাৰিবলৈ আৰম্ভ কৰিছে বায়ুসেনা।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই সংবাদ সংস্থা এএনআইক জনোৱা মতে, “ইম্ফল বিমানবন্দৰৰ ওচৰত ইউএফঅ’ৰ তথ্য পোৱাৰ কিছু সময়ৰ পিছতে ওচৰৰ বিমানঘাটিৰ পৰা ৰাফেল যুঁজাৰু বিমান এখন অনুসন্ধান অভিযানৰ বাবে প্ৰেৰণ কৰা হয়। উন্নত চেন্সৰেৰে সজ্জিত ৰাফেল জেটখনে সন্দেহযুক্ত অঞ্চলত তালাচী চলায়। কিন্তু একো নাপালে।”
প্রথমখন বিমান ঘূৰি অহাৰ পাছত আন এখন ৰাফেল যুঁজাৰু বিমানক ইউ এফ অ’ৰ সন্ধানত প্রেৰণ কৰা হয় বুলি প্রতিৰক্ষা মন্ত্র্যালয়ৰ সূত্রই প্রকাশ কৰিছে৷ কিন্তু বহু তালাচীৰ পিছতো একো সন্ধান পোৱা নগ’ল।ইম্ফল বিমানবন্দৰত ইউএফঅ’ৰ ভিডিঅ’ ধৰা পৰাৰ কথাও সূত্ৰই প্ৰকাশ কৰিছে। সেই সকলোবোৰ ভিডিঅ’ পৰীক্ষা কৰি সবিশেষ জানিবলৈ চেষ্টা কৰা।
ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ড, এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত এটা পোষ্টত লিখা আছিল, “ভাৰতীয় বায়ুসেনাই ইম্ফল বিমানবন্দৰৰ পৰা ভিডিঅ’ সংগ্ৰহ কৰিছে। তাৰ ভিত্তিত ইয়াৰ ‘বায়ু প্ৰতিৰক্ষা সঁহাৰি ব্যৱস্থা’ সক্ৰিয় কৰা হৈছে। কিন্তু বাহনখন দেখা পোৱা নগ’ল।”