দৰং জিলাৰ ছিপাঝাৰৰ দুই নম্বৰ শুক্টাগুৰিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ সোমবাৰে নিশা এহাল প্ৰেমিক-প্ৰেমিকাই বিষপান কৰি আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি মৃত যুৱকজন কলেজত আৰু কিশোৰী গৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত আছিল ৷
সোমবাৰে নিশা যুৱকজনৰ ঘৰত দুয়োয়ে বিষপান কৰিছিল। পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ নিয়াৰ পথত দুয়োৰে মৃত্যু হয়। প্ৰেমজনিত কাৰণতে তেওঁলোকে বিষপান কৰি আত্মহনন কৰা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে তেওঁলোকে কি কাৰণত আত্মহত্যাৰ পথ বাচি ল’লে সেয়া স্পষ্ট হ’ব ৷
প্ৰাপ্ত তথ্য অনুসৰি দুয়ো বিবাহপাশত আৱদ্ধ হ’ব বিচাৰিছিল ৷ কিন্তু বয়স কম হৈ থকাৰ বাবে পৰিয়ালৰ লোকে বাধা দিছিল ৷ প্ৰেমত বাধাপ্ৰাপ্ত হৈয়েই তেওঁলোকে চৰম পন্থা বাচি লোৱা বুলি স্থানীয় লোকসকলে আশংকা প্ৰকাশ কৰিছে ৷