দেশৰ আগশাৰীৰ চিকিৎসালয় শংকৰ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক বিখ্যাত শল্য চিকিৎসক ছেংগামেদু শ্ৰীনিবাস বদ্ৰিনাথৰ আজি দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। কেইবাদিনো অসুস্থ হৈ আছিল এছ এছ বদ্ৰীনাথ। মঙলবাৰে পুৱা তেওঁৰ মৃত্যু হয়। পুৱা ৯:৩০ বজাত চেন্নাইৰ বসন্তনগৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
১৯৪০ চনৰ ২৪ ফেব্ৰুৱাৰীত চেন্নাইত জন্মগ্ৰহণ কৰিছিল এছ এছ বদ্ৰিনাথে। চেন্নাইতে পঢ়া-শুনা তেওঁ সমাপ্ত কৰে। উল্লেখ্য যে তেওঁৰ এজন আত্মীয় অন্ধ আছিল ৷ সেই অন্ধ ব্যক্তিজন তেওঁলোকৰ ঘৰত একেলগে বাস কৰিছিল ।এছ এছ বদ্ৰীনাথ তেতিয়া সৰু আছিল। অন্ধতাৰ বেদনা বদ্ৰীনাথে অতি নিবিড়ভাৱে বুজি পাইছিল। অন্ধ মানুহৰ যন্ত্ৰণা, অসহায়তাই বদ্ৰীনাথক আৱেগিক কৰি তুলিছিল ৷ তেতিয়াই তেওঁ চকুৰ চিকিৎসক হোৱাৰ ইচ্ছা আৰু সপোন জাগি উঠিছিল ৷
মাদ্ৰাজ মেডিকেল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত অৱশেষত তেওঁ আমেৰিকালৈ গৈ পঢ়া-শুনা সম্পূৰ্ণ কৰে। ১৯৭০ চনত তেওঁ দেশলৈ উভতি আহে। ১৯৭৪ চনত তেওঁ শংকৰ নেত্ৰালয় প্ৰতিষ্ঠা কৰে। তেওঁৰ সপোন আছিল কম খৰচত মানুহক বিশ্বমানৰ সেৱা আগবঢ়োৱা। এই প্ৰতিষ্ঠানটো ক্ৰমান্বয়ে মধ্যবিত্ত শ্ৰেণীৰ আস্থাৰ স্থান হৈ পৰিল।