তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগ অধিক কঠোৰ ব্যৱস্থা ল’বলৈ সিদ্ধান্ত লৈছে।
যাতে কোভিডৰ তৃতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰেই অনাকাংক্ষিত পৰিবেশৰ সূচনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰ তথা ৰাজ্যৰ স্বাস্থ্য বিভাগে কেতবোৰ গুৰুত্ত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।
ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাইজক উদ্দেশ্য কৰি প্ৰকাশ কৰা মন্তব্য অনুসৰি অহা সোমবাৰৰ পৰা সকলো ব্যক্তিৰ প্ৰথম পালি ভেকচিন লোৱা প্ৰক্ৰিয়া সম্পন্ন হব লাগিব।
বিদ্যালয় মহাবিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানৰ সকলোৱে সোমবাৰৰ পূৰ্বে ভেকচিন লোৱা কাৰ্য সমাপ্ত কৰিব লাগিব।
ইয়াৰ উপৰি চৰকাৰী চাকৰিয়াল সকলে ভেকচিন গ্ৰহণ নকৰাকে কাৰ্যালয়লৈ আহিব নোৱাৰিব।
‘’সোমবাৰৰ পৰা প্ৰতিটো চৰকাৰী তথা বেচৰকাৰী কাৰ্য্লয়ৰ সন্মুখত আমি সকলোৱে টীকা কৰণ কৰিছোঁ , অৰ্থাৎ উঁই আৰ অল ভেকচিনেটেড বুলি ফলক আৰি থব লাগিব,‘’ স্বাস্থ্য মন্ত্ৰী মহন্তই কয়।
ভুৱা ফলক আৰি থলে আইনগত ভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি স্পষ্ট কৰি দিয়ে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।
দুপালি ভেকচিন গ্ৰহণ নকৰা চৰকাৰী কৰ্মচাৰী দৰমহা কর্তন কৰা হব বুলি ও উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই।
আনহাতে ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰতিষ্ঠান সমূহে নিয়ম মানি চলিছে নে নাই তাৰ ওপৰত চোকা নজৰ ৰাখিবলৈ জিলা উপায়ুক্ত সকলক নিৰ্দেশ দিয়া হৈছে।
যিবোৰ প্ৰতিষ্ঠানে এই নিয়ম সমূহ পালন নকৰে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান বোৰ ছিল কৰি দিয়া হব বুলি মন্তব্য আগবঢ়াই মন্ত্ৰী গৰাকীয়ে।
চৰকাৰে বান্ধি দিয়া সকলোবোৰ নিয়ম মানি চলি কোভিডৰ তৃতীয় ঢৌৰ পৰা সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনায় মহন্তই।
নিয়ম ভংগকাৰী সকলৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত চৰকাৰ অধিক কঠোৰ হব বুলি জনায় মন্ত্ৰী গৰাকীয়ে।