গুৱাহাটী ২৩ নৱেম্বৰ ২০২৩ঃ শিক্ষাগুৰু সকলক যেন অপমান কৰা, প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আদি কৰ্মতে মছগুলহৈ থাকে বিজেপিৰ চৰকাৰ৷ এই মত প্ৰদান কৰিছে আম আদমি পাৰ্টী অসমৰ সভাপতি ডা° ভবেন চৌধুৰীয়ে৷ অসম চৰকাৰৰ মন্ত্ৰী এম এল এ সকলে সুবিধা পালেই শিক্ষাগুৰু সকলক অসন্মান কৰে৷ বিকশিত অসমৰ সেনানী বুলি অভিহিত কৰি তেতিয়াৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টেট পৰীক্ষাৰ জড়িয়তে উত্তীৰ্ণ হোৱা শিক্ষকক প্ৰতিশ্ৰুতি দিছিল যে বিজেপিৰ চৰকাৰ আহিলে প্ৰথমতেই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব৷ আজি বছৰ বছৰৰ পিছতো এই প্ৰতিশ্ৰুতি পালন নকৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই৷
শিক্ষাৰ অধিকাৰ আইন ২০০৯ আৰু অসম শিক্ষাৰ অধিকাৰ আইনৰ অধিসূচনা ২০১১ অনুসৰি নিয়মীয়াকৈ এই সকল শিক্ষকক নিযুক্তি দিয়াৰ পৰিবৰ্ত্তে সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিক শিক্ষক হিচাপেহে নিযুক্তি দিয়া হৈছিল। যদিও বৰ্তমান পে’ স্কেলৰ মতেই বেতন লাভ কৰি আহিছে যদিও নিয়মীয়াকৰণৰ কোনো সুবিধা লাভ কৰা নাই টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলে৷ প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে ডা° ভবেন চৌধুৰীয়ে কয় যে শিক্ষাগুৰু সকলক দ্বায়িত্বৰ বাহিৰৰ কামত নিয়োজিত কৰি শিশু সকলৰ ভবিষ্যতলৈ অন্ধকাৰ নমাই আনিছে বিজেপিৰ চৰকাৰে৷ নতুন পেঞ্চন নীতিৰ অধীনত শিক্ষক সকলৰো ভবিষ্যত শংকাময় কৰি তুলিছে এই চৰকাৰে৷ আম আদমি পাৰ্টী অসমে টে’ট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনোৱাৰ লগতে পুৰণি পেঞ্চন নীতি পুনঃ প্ৰবৰ্তনৰ দাবীত অতল থাকে৷