গুৱাহাটী, ২৩ নৱেম্বৰ: কটন বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগৰ উদ্যোগত আজি ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (INSA)ৰ বক্তৃতা শৃংখলাৰ আয়োজন কৰা হয়। বৰ্তমান INSAৰ অধ্যাপক বি পি পাল চেয়াৰ বঁটা বিজয়ী হিচাপে ভাৰত ভ্ৰমণ কৰি থকা প্ৰখ্যাত উদ্ভিদ ৰোগ বিশেষজ্ঞ তথা আমেৰিকাৰ বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এমেৰিটাছ অধ্যাপক ষ্টিভেন ই লিণ্ডোৱে ‘পাতত অণুজীৱৰ জীৱন’(understanding microbial life on leaves) সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে।
বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ উদ্ভিদ আৰু অণুজীৱ জীৱবিজ্ঞান বিভাগত ৪৫ বছৰতকৈও অধিক সময় ধৰি জড়িত অধ্যাপক লিণ্ডোৱে বৰফ গঠন কৰা উদ্ভিদ বেক্টেৰিয়া আৰু ফলৰ ঠাৰিৰ মুখত বেক্টেৰিয়াই আক্ৰমণ কৰি মুগা বৰঙীয়া কৰা প্ৰক্ৰিয়া ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা বেক্টেৰিয়াৰ ওপৰত গুৰুত্বপূৰ্ণ কাম কৰে। বক্তৃতাটোত পাতৰ পৃষ্ঠত থকা অণুজীৱৰ জটিল জীৱনশৈলীৰ অভিযোজনৰ আৰ্হিৰ সন্ধান কৰা হয় যিয়ে উদ্ভিদৰ স্বাস্থ্য, কৃষি আৰু পৰিৱেশৰ ওপৰত স্পষ্ট আৰু দীৰ্ঘস্থায়ী প্ৰভাৱ পেলায়। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ বৰফ গঠনকাৰী উদ্ভিদ বেক্টেৰিয়াক কেনেকৈ কৃত্ৰিম বৰষুণ আৰু বৰফ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে তেওঁৰ যুগান্তকাৰী গৱেষণাৰ বিষয়েও অৱগত কৰে।
অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, আই আই টিৰ অধ্যাপক ৰঞ্জন তামুলীৰ লগতে আণৱিক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগৰ মুৰব্বী তথা অধ্যাপক ঈশান কলিতা, অনুষ্ঠানটোৰ সমন্বয়ক ড° অজনিতা মজুমদাৰ আৰু ড° এন নিৰ্জন্তা দেৱীৰ লগতে অন্যান্য অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।