পুনৰ কলংকিত হ’ল অসম আৰক্ষী ৷ এইবাৰ ধন দাবীত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগত উত্থাপিত হৈছে গোৱালপাৰাৰ চাৰি আৰক্ষীৰ বিৰুদ্ধে ৷ অভিযুক্ত গোৱালপাৰাৰৰ আৰক্ষী বিষয়াসহ ৪ জনৰ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। ৰিজাৰ্ভ ক্ল’জ কৰা এই আৰক্ষী বিষয়া তথা জোৱানসকল ধুমেৰঘাট আৰক্ষী চকীৰ।
ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিতু বৰুৱাৰ লগতে জোৱান পিংকু বৰুৱা, ৰকিবুল ইছলাম আৰু সুকুমাৰ বৰ্মনক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে । টকাৰ বিনিময়ত অবাধ জুৱা পতাৰ অনুমতি প্রদান কৰাৰ অভিযোগ উত্থাপিত হৈছিল এই আৰক্ষী বি্য়া-জোৱান কেইজনৰ বিৰুদ্ধে ৷ দাবী কৰা ধন নিদিয়াৰ বাবে জুৱাৰীক অকথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপিত হৈছে তেওঁলোকৰ বিৰুদ্ধে । অভিযোগ লাভ কৰাৰ পাছতে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে ৷