উত্তৰকাশী সুৰংগৰ উদ্ধাৰ কাম পুনৰ বন্ধ হৈ পৰিছে। শুকুৰবাৰে নিশাৰ পৰা খননৰ কাম বন্ধ কৰা হয় ৷খননত ব্যৱহৃত এক্সকেভেটৰখন বেয়া হোৱাৰ লগে লগে উদ্ধাৰকাৰীয়ে বিকল্প পথ বিচাৰিবলৈ আৰম্ভ কৰে। উদ্ধাৰৰ দিন ক্ৰমান্বয়ে অনিশ্চিত হৈ পৰিছে। এই পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় সুৰংগ বিশেষজ্ঞগৰাকীয়ে কয় যে উদ্ধাৰ কাম সম্পূৰ্ণ হ’বলৈ আৰু এমাহ সময় লাগিব পাৰে।
আন্তঃৰাষ্ট্ৰীয় সুৰংগ বিশেষজ্ঞ দলটোৰ মুৰব্বী আৰ্নল্ড ডিক্সে কেতিয়া আৰু কিমান দিনত উদ্ধাৰৰ কাম সম্পূৰ্ণ হ’ব সেয়া এতিয়াও স্পষ্ট কৰিব পৰা নাই । বৰদিনলৈকে সময় লাগিব পাৰে বুলিও তেওঁ কয়। অৱশ্যে তাৰ আগতেও উদ্ধাৰ কাম সম্পূৰ্ণ হ’ব পাৰে।
ডিক্সে কয় –“ এতিয়াৰ পৰা এমাহৰ ভিতৰত যিকোনো সময়তে শ্ৰমিকক উদ্ধাৰ কৰা হ’ব। সঠিক সময় ক’ব পৰা নাই। মই ভাবো আমি খৰখেদা কৰা উচিত নহয়। আটাইতকৈ জৰুৰী কাম হৈছে৪১ জন শ্ৰমিকক সুৰংগৰ পৰা নিৰাপদে উলিয়াই ঘৰলৈ ঘূৰাই অনা। বৰদিনৰ ভিতৰত তেওঁলোক সকলোৱে ঘৰলৈ আহিব বুলি মই নিশ্চিত।”
তেওঁ লগতে কয়, “মই আৰম্ভণিৰে পৰাই কৈছো, এই কাম সোনকালে কৰা নহ’ব, সহজেও কৰিব নোৱাৰি। মই কেতিয়াও কোৱা নাছিলো যে কাইলৈ শ্ৰমিকক উদ্ধাৰ কৰিব পাৰি। মই মাত্ৰ কৈছিলো যে তেওঁলোক নিৰাপদ হ’ব, সেয়া নিশ্চিত।”
শুকুৰবাৰে নিশা সুৰংগটোত ১০-১২ মিটাৰ বাকী থকাৰ সময়তে ধ্বংসাৱশেষৰ মাজত লোহাৰ গঠনত আবদ্ধ হৈ পৰে এক্সকেভেটৰখন। ভঙা অংশবোৰ সুৰংগৰ পৰা উলিয়াই অনা হৈছে। সেই ডিভাইচটো আৰু ব্যৱহাৰযোগ্য নহয়। ইয়াৰ পিছত উদ্ধাৰকাৰীয়ে বাকী থকা অংশটো বেলচাৰে খান্দি উলিওৱাৰ পৰিকল্পনা কৰিছে। সুৰংগৰ ওপৰৰ পৰাও খননৰ পৰিকল্পনা কৰা হৈছে হায়দৰাবাদৰ পৰা মেচিন অনা হৈছে ৷ ওপৰৰ পৰা কাটিলে শ্ৰমিকৰ ওচৰলৈ যাবলৈ ৮৬ মিটাৰ খনন কৰিব লাগিব। ইয়াৰ বাবে অধিক সময় লাগিব। দেওবাৰে পুৱাৰে পৰা পুনৰ খননৰ কাম আৰম্ভ হৈছে ৷ অসমৰ কোকৰাঝাৰকে ধৰি ৪১ জন শ্ৰমিক আৱদ্ধ হৈ আছে সুৰংগটোত ৷