পুনৰ কালিমা লাগিল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ গৰিমাত । একাংশ শিক্ষার্থীৰ উদ্ভণ্ডালিৰ বাবে বাৰে বাৰে শিক্ষানুষ্ঠানখনৰ গৰিমাত কালিমা লাগি আহিছে ৷ এইবাৰ এগৰাকী মহিলাক সুৰামত্ত কটনিয়ানে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
ঘটনাৰ বিৱৰণী অনুসৰি কটনৰ হোষ্টেলৰ কেইজনমান ছাত্ৰই এমএনডিপি হোষ্টেলৰ সমীপতে দুজন লোকক চোৰৰ সন্দেহত প্ৰহাৰ কৰিছিল ৷ সেই সময়তে ওচৰতে থকা এগৰাকী মহিলাই বাধা দিয়ে ৷ এনেকৈ প্ৰহাৰ কৰি থাকিলে লোক দুজন মৰি যাব বুলি মহিলা গৰাকীয়ে ছাত্ৰকেইজনক বাধা দিবলৈ চেষ্টা কৰে ৷ এই কথাতে ক্ৰোধান্বিত হৈ ছাত্ৰকেইজনে প্ৰথমে মহিলা গৰাকীক আৰু তাৰ পাছত তেওঁৰ স্বামীক প্ৰহাৰ কৰে ৷
পৰৱৰ্তী সময়ত পাণবজাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ ঘটনাস্থলীত উপস্থিত একাংশ লোকে আক্ৰমণকাৰী ছাত্ৰকেইজন এমএনডিপি হোষ্টেলৰ বুলি অভিযোগ কৰিছে ৷