মহানগৰীৰ যান-জট নিয়ন্ত্ৰণৰ বাবে কোটি কোটি টকা ব্যয়েৰে নির্মাণ কৰা হৈছে উৰণ সেতুঁ ৷ কিন্তু এই উৰণ সেঁতুৱেও যে যান-জঁট নিৰ্মূল কৰিব পাৰিব তাক লৈ নিশ্চিত নহয় মহানগৰ প্ৰশাসন আৰু চৰকাৰ ৷ সেয়ে গুৱাহাটীৰ যান-জঁট হ্ৰাস কৰিবৰ বাবে এইবাৰ আন এক সিদ্ধান্ত গ্ৰহণ কৰিছে । গুৱাহাটীৰ মাজমজিয়াত থকা ফাঁচী বজাৰৰ পাইকাৰী বজাৰ স্থানান্তৰৰ বিষয়ে চিন্তা চৰ্চা কৰিছে গৃহ আৰু নগৰ উন্নয়ন বিভাগে ৷
মন্ত্ৰী সিংহলে সাংবাদিকৰ আগত আজি এই তথ্য সদৰী কৰিছে। পল্টনবজাৰৰ শ্ৰীশ্ৰী মহামায়া থানৰ হনুমান মন্দিৰ শুভাৰম্ভৰ লগতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী অশোক সিংহলে রএি কথা সদৰী কৰে ৷ ।
অনুষ্ঠানৰ অন্তত সংবাদমাধ্যমৰ সন্মুখত তেওঁ গুৱাহাটীৰ যানজঁট হ্ৰাস কৰিবলৈ ফাঁচী বজাৰৰ পাইকাৰী বজাৰ স্থানান্তৰৰ কথা উল্লেখ কৰে। মন্ত্ৰী অশোক সিংহলে কয়, ”গুৱাহাটীৰ ফাঁচীবজাৰৰ পাইকাৰী বজাৰ চাংসাৰি অথবা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ পৰিকল্পনাৰ ওপৰত সক্ৰিয়তাৰে আমি কাম কৰি আছোঁ। অহা দিনবোৰত এইবোৰ কাম কৰিব লাগিব। নহ’লে গুৱাহাটীক যান-জঁটৰ পৰা মুক্ত কৰিব নোৱাৰিম।”