অসমত থলুৱা বঞ্চিতকৰণৰ ইতিহাস নতুন নহয়। যি কোনো ক্ষেত্ৰতে বিশেষকৈ উদ্যোগ-বাণিজ্যৰ ক্ষেত্ৰবোৰত থলুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ বেপাৰীক দলিচা পাৰি দিয়াৰ অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে।
সম্প্ৰতি তেনে এক অভিযোগ উত্থাপিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰু পথ বিভাজক অৰ্থাৎ ডিভাইডাৰত গছপুলি ৰোৱাৰ ক্ষেত্ৰত থলুৱাক বঞ্চিত কৰি নাগপুৰৰ প্ৰতিষ্ঠানক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত।
অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এটা বাতৰি অনুসৰি নেচনেল হাইৱে’ অথ’ৰিটী অৱ ইণ্ডিয়া চমুকৈ এন এইচ এ আই এয়ে ৰাজ্যৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কৃষ্ণচূড়া-ৰাধাচূড়া, বকুল, নাহৰ গছপুলিকেইটা ৰুৱাৰ দায়িত্ব দিছে নাগপুৰ আৰু গাজিয়াবাদৰ প্ৰতিষ্ঠানক।
উল্লেখযোগ্য যে কেইবছৰমান পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে গছপুলি ৰোপণৰ ক্ষেত্ৰত থলুৱা উদ্যোগীৰ নাৰ্ছাৰীক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছিল।
প্ৰথমবাৰ ২০২০ চনত আহ্বান কৰা নিবিদাত দুখনমান থলুৱা নাৰ্ছাৰী প্ৰতিষ্ঠান গছপুলি ৰোপণৰ বাবে যোগ্য বিবেচিত হৈছিল যদিও শেহতীয়াকৈ আহ্বান কৰা নিবিদাত সৰু সৰু অজুহাত আৰু ভুল দেখুৱাই সকলোকেইটা থলুৱা প্ৰতিষ্ঠানকে গছপুলি ৰোপণৰ কোটিটকীয়া ঠিকাৰ পৰা আঁতৰাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সাতটা পেকেজত গছপুলি ৰোপণৰ বাবে নিবিদা আহ্বান কৰিছিল। সেই মৰ্মে নাগপুৰৰ জি বি গ্ৰীনৱে আৰু গাজিয়াবাদৰ নৰ্থ-ইষ্ট অৰ্গেনাইজড ফ্ল’ৰিটেকক প্ৰাধিকৰণে উক্ত সাতটা পেকেজত গছপুলি ৰোপণৰ বাবে যোগ্য বিবেচিত কৰি ইতিমধ্যে পাঁচ বছৰৰ বাবে নলবাৰী, নগাঁও, মৰিগাঁৱত কাম কৰিবলৈ ওঠৰ কোটি টকাৰ ঠিকা আবণ্টন দিছে।
গুৰুত্বপূৰ্ণ কথাটো হৈছে নিবিদাত সৰু সৰু অজুহাততে থলুৱাক বঞ্চিত কৰা হৈছে যদিও ঠিকা লাভ কৰা প্ৰতিষ্ঠান দুটাৰ, নাগপুৰৰ প্ৰতিষ্ঠানটোৰ ই পি এফ আৰু ই এছ আইৰ প্ৰমাণপত্ৰ নাই আৰু গাজিয়াবাদৰ প্ৰতিষ্ঠানটোৰ ই এছ আইৰ পঞ্জীয়ন নাই বুলি প্ৰাধিকৰণে টোকাত উল্লেখ কৰিছে।
বাতৰিত উল্লেখ কৰা অনুসৰি নিবিদাত অসমৰ বৃক্ষ, ভৌমিক এণ্টাৰপ্ৰাইজ, নীলম, এন ই এগ্ৰ’ চেণ্টাৰ, মোক্ষ আদি বহুকেইটা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল। অসমৰ বহু ব্যক্তি নাৰ্ছাৰীৰ ব্যৱসায়েৰে আত্মনিৰ্ভৰশীল হৈ উঠিছে। এনে পৰিস্থিতিত অসমৰ পথত অসমৰ থলুৱা গছপুলি ৰোপণৰ বাবে থলুৱা কিয় অযোগ্য সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে।
লকডাউনে বিধ্বস্ত কৰা থলুৱা উদ্যোগ-ব্যৱসায়ক সকাহ দিয়াৰ পৰিৱৰ্তে চৰকাৰে বহিঃৰাজ্যৰ উদ্যোগীকহে কিয় ৰঙা দলিছা পাৰি দিব বিচাৰিছে সেই প্ৰশ্নই সচেতন মহলক বিবুধিত পেলাইছে।