বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ হৈছে । তেওঁৰ শাৰিৰীক অৱস্থাৰ অৱনতি ঘটাত দেওবাৰে সন্ধিয়া পৰিয়ালৰ লোকে গুৱাহাটী ছয়মাইলস্থিতজি এন আৰ চিত ভৰ্তি কৰায়।
সাংবাদিকগৰাকীৰ স্বাস্থ্য দ্ৰুত অৱনতি ঘটাৰ বাবে তেওঁক হাস্পতালখনৰ আই চি ইউত ভর্ত্তি কৰি চিকিৎসা প্ৰদান কৰা ৷ অৱশ্যে আজি পূৰ্বতকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থা ভালেখিনি উন্নত হোৱা বুলি চিকিৎসকে জানিবলৈ দিছে। অতিপাত জ্বৰত আক্ৰান্ত হোৱাৰ পাছতে তেওঁক হাস্পতালত ভর্ত্তি কৰোৱা হয় ৷
কথা-বতৰাও স্বাভাৱিক ধৰণে পাতিছে প্ৰবীণ সাংবাদিকগৰাকীয়ে। এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চক্ৰৱৰ্তীৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে।