বৃহৎ পৰিসৰৰ প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে আইচলেণ্ডত ৷ উত্তৰ ইউৰোপৰ এইখন দেশত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্পৰ পিছত চৰকাৰে সতর্কতা জাৰি কৰিছে ৷ চৰকাৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে একেৰাহে ভূমিকম্প যিদৰে সংঘটিত হৈছে, তাৰ ফলত বৃহৎ পৰিমাণৰ ক্ষতি হ’ব পাৰে। প্ৰবল বিস্ফোৰণৰ জোকাৰণিত নতুন আগ্নেয়গিৰিৰ জন্ম হ’ব পাৰে। এনে পৰিস্থিতিত প্ৰশাসনে গ্ৰীণ্ডাভিককে ধৰি দেশৰ কেইবাটাও অঞ্চলতো জৰুৰীকালীন অৱস্থা জাৰি কৰে। সেই অঞ্চলসমূহৰ বাসিন্দাসকলক সাজু হ’বলৈ কোৱাৰ উপৰিও চৰকাৰে কেইবাটাও অঞ্চলৰ পৰা নাগৰিকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈও আৰম্ভ কৰিছে।
চৰকাৰী সূত্ৰৰ মতে, শনিবাৰে নিশাৰ পৰা কেইছেকেণ্ডমানৰ ব্যৱধানত দেশৰ দক্ষিণ-পশ্চিম ৰেইকিয়ান উপদ্বীপত ধাৰাবাহিকভাৱে ভূমিকম্পৰ সূচনা হয়। সোমবাৰে পুৱাও কম্পন অনুভৱ কৰা হয়। চৰকাৰী সূত্ৰ অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু উপদ্বীপটোৰ গ্ৰীণ্ডাভিক গাঁৱৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰত্বত আছিল। গাঁওখনৰ চাৰি হাজাৰ বাসিন্দাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। ভূমিকম্পৰ ফলত গাঁওখনৰ বাট-পথকে ধৰি কেইবাটাও অঞ্চল ক্ষতিগ্ৰস্ত হয়। কেইবাটাও ঘৰত ফাট মেলিছে। এজন বাসিন্দাৰ ভাষাত, “যেতিয়া এনেকুৱা কঁপনি আহে তেতিয়া আমি সজাগ হৈ নিৰাপদ স্থানলৈ গুচি যাওঁ। কিন্তু এইবাৰ যিদৰে আৰম্ভ হৈছে, ঘৰৰ পৰা ওলাই যাবলৈ মোৰ ভয় লাগে।“
যোৱা মাহৰ শেষৰ ফালে আইচলেণ্ডত আৰম্ভ হৈছিল ধাৰাবাহিক ভূমিকম্প। চৰকাৰৰ মতে, যোৱা ডেৰ মাহত কমেও ২৪ হাজাৰ কম্পন অনুভৱ কৰা হৈছে কেৱল ৰেইকজেনেছ উপদ্বীপত।