“ৰেট হ’ল” মাইনিঙৰ জৰিয়তেউত্তৰকাশীৰ ছিলকিয়াৰা সুৰংগত আৱদ্ধ অসমৰ দুই শ্ৰমিকসহ ৪১ জন শ্ৰমিকক আজি উদ্ধাৰ কৰা হয় ৷ ১২ নৱেম্বৰৰ পৰা উত্তৰকাশী সুৰংগত আবদ্ধ হৈ আছে শ্ৰমিকসকল। বিভিন্ন ধৰণেৰে উদ্ধাৰৰ কাম চলি আছে। উদ্ধাৰৰ এটা পৰিকল্পনা বিফল হোৱাৰ পাছত উদ্ধাৰৰ আন উপায় আৰম্ভ হয়। সুৰংগৰ বাহিৰত প্ৰশাসনৰ কাষে কাষে ৰৈ আছে শ্ৰমিক পৰিয়াল।
প্ৰশাসনে জনোৱা মতে, উদ্ধাৰৰ পিছত শ্ৰমিকসকলক চিকিৎসালয়লৈ লৈ যোৱা হ’ব ৷ পূর্বৰে পৰা সুৰংগৰ সন্মুখত সাজু কৰি ৰখা হৈছে ৪১ খন এম্বুলেঞ্চ ৷ ইমান দিনে তেওঁলোকে সুৰংগৰ ভিতৰত প্ৰতিদিনে পাঁচ ঘণ্টা ধৰি কাউন্সেলিং কৰি আহিছে।
শুকুৰবাৰে বন্ধ হৈ পৰে উদ্ধাৰৰ কাম। যাৰ বাবে যান্ত্ৰিক পদ্ধতিৰ পৰিৱৰ্তে হাতেৰে খন্দা কাম আৰম্ভ হ’ল। ৰেট হ’ল কৌশল’ প্ৰয়োগ কৰা হয়। কয়লা খনিৰ পৰা কয়লা উলিওৱাৰ সময়ত এই পদ্ধতি ব্যৱহাৰ কৰা হয়।
সুৰংগটোত আৱদ্ধ হৈ পৰাৰ পাছতে শ্ৰমিকসকলৰ জীৱনলৈ সংসয় নামি আহিছিল ৷ ইয়াৰ বাবে বিদেশৰ বিশেষজ্ঞ আৰু মেচিন অনা হৈছিল ৷ অসমৰ কোকৰাঝাৰৰ দুই শ্ৰমিক আৱদ্ধ হৈ আছে সুৰংগটোত ৷