উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত ১৭ দিন ধৰি আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক মঙ্গলবাৰে নিশা উদ্ধাৰ কৰা হয় ৷ লগে লগে অৱসান ঘটিল এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ ৷ সুৰংগটোত কর্মৰত হৈ থকাৰ সময়তে আৱদ্ধ হৈ পৰা শ্ৰমিকসকল সুস্থভাৱে ওলাই আহিব পাৰিব নে নোৱাৰে তাৰ বাবে চিন্তিত হৈ পৰিছিল তেওঁলোকৰ পৰিয়াল ৷ কিন্তু কালি তেওঁলোক ওলাই অহাৰ লগে লগে অন্ত পৰিল দেশৰ ভিন্ন স্থানৰ ৪১ টা পৰিয়ালৰ দুঃচিন্তা।
এই সুৰংগত আৱদ্ধ হৈ আছিল কোকৰাঝাৰৰো দুজন শ্ৰমিক। এই শ্ৰমিক দুজন কোকৰাঝাৰ জিলাৰ ৰামফলবিলৰ ৰামুপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী। এই দুয়োজন শ্ৰমিক সুস্থ শৰীৰেৰে সুংৰগৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱাত দুয়োটা পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে আনন্দৰ বন্যা বৈছে।নিশা এই দুয়োজন শ্ৰমিক উদ্ধাৰ হোৱাৰ খবৰ পোৱা মাত্ৰকে গাওঁখনৰ লোকসকল তেওঁলোকৰ ঘৰত আহি ভিৰ কৰেহি আৰু আনন্দত আত্মহাৰা হৈ পৰে। তেওঁলোকে এই উদ্ধাৰকাৰ্যৰ বাবে চৰকাৰ তথা প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰে ৷চলিত বৰ্ষতে উত্তৰকাশীৰ সুৰংগ নিৰ্মাণৰ শ্ৰমিক হিচাপে কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল ৷ প্ৰায় ১৭ দিনীয়া প্ৰচেষ্টাৰ অন্তত তেওঁলোক দুয়োজনো সুস্থ শৰীৰে সুৰংগৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহাত সকলোৱে স্বস্তিৰ নিশ্বাস ত্যাগ কৰিছে।
সুৰংগৰ বাহিৰত বিগত দিন কেইটাত অপেক্ষাৰত অৱস্থাত থকা সঞ্জয় বুসমতাৰী ভাতৃ ৰকেট বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰীৰ ভাতৃ ৰমেন নাৰ্জাৰীয়ে দুয়োজন শ্ৰমিক উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে বার্তালাপ কৰে ৷ উদ্ধাৰ হোৱা দুয়োজন শ্ৰমিক সুস্থ বুলি তেওঁলোকে পৰিয়ালক অৱগত কৰিছে। বৰ্তমান দুয়ো উত্তৰাখণ্ড চৰকাৰৰ তত্বৱধানত চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁলোক দুয়োজন উদ্ধাৰ হোৱাৰ বাবে ঘৰতে আৰাধ্য দেৱতা বাথৌৰ ওচৰত প্ৰাৰ্থনাও কৰিছে পৰিয়ালৰ লোকসকলে। আনহাতে দুয়োজন শ্ৰমিকক অসমলৈ ওভতাই আনিবলৈ নির্দেশ দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷স্বাস্থ্য পৰীক্ষাৰ পাছতে সম্ভৱ হ’লে তেওঁলোকক ওভতাই অনা হ’ব ৷