এক প্ৰগাঢ় ব্যক্তিত্ব। যি ব্যক্তিত্বত প্ৰাণ পাই উঠে এটা জাতি। ৰূপকথা আৰু ইতিহাসৰ মিলন ঘটাব পৰা মামনি ৰয়চম গোস্বামী এগৰাকী কৌশলী খনিকৰ।
১৯৪২ চনৰ ১৪ নৱেম্বৰত মামনি ৰয়চম গোস্বামীৰ জন্ম হৈছিল। তেওঁ পৰিচিত আছিল ইন্দিৰা গোস্বামী ৰূপে।জগলীয়াত শৈশৱতাই যেন গঢ় লৈ উঠিছিল অসাধাৰণ মানুহ গৰাকীৰ। ১৯৬৫ চনত মাধৱেন আয়াংগাৰৰ লগত মামনি ৰয়চম গোস্বামী বিবাহ পাশত আৱদ্ধ হয়।প্ৰিয়তম পুৰুষ মাধৱেন আঁতৰি যোৱাৰ লগে লগে মামনি ৰয়চম গোস্বামী অকলশৰীয়া হৈ পৰে।অসহায় , অকলশৰীয়া মামনি ৰয়চম গোস্বামীয়ে নিজকে চম্ভালিবৰ বাবে যোগদান কৰিলে গোৱালপাৰাৰ সৈনিক স্কুলত।এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ লগতে স্কুলৰ পৰিবেশতেই এগৰাকী পূৰ্ণ পৰ্যায়ৰ ঔপনাসিক হিচাপে পূৰ্ণতা পালে।
মামনি ৰয়চম গোস্বামী উপন্যাস শিল্পৰ এগৰাকী কৌশলী খনিকৰ। ৰূপ কথা আৰু ইতিহাসৰ মিলন ঘটাব পৰা এগৰাকী শক্তিশালী ঔপন্যাসিক । অটুট ৰাখিছে কাহিনীৰ শক্তিক , য’ত তথ্যই মুক্ত ভাবে ক্ৰিয়া কৰিছে কাল্পনিক জগত খনৰ সৈতে আৰু বাস্তৱতা ভেদ কৰিছে ৰূপ কথাৰ জগত খন।
গাভৰু বিধৱা গৰাকীৰ যৌনতাৰ সাহসী উপস্থাপন আৰু তাইৰ তেজস্বী প্ৰতিবাদ লেখিকাৰ সমাজ মানসিকতাৰ শক্তিশালী প্ৰকাশেই নহয় , ই অতিকৈ মাৰ্জিত আৰু সুস্পষ্ট।
” দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা ” –হৈছে ৰক্ষণশীল সমাজত ব্ৰাহ্মণ বিধবা সকলৰ ওপৰত চলোৱা অমানবীয় অত্যাচাৰ আৰু প্ৰেম , বিবাহ তথা বিধৱা সকলৰ ক্ষেত্ৰত সমাজ খনে দেখুৱওা এক নিৰ্মম প্ৰকাশ।এখন সাহসী উপন্যাস হিচাপে ই সহজে পাঠকক মুগ্ধ কৰে।
ড° মামনি ৰয়চম গোস্বামী এগৰাকী শক্তিশালী ব্যক্তিত্বৰ পৰিচয় দিয়াৰ লগতে সংবেদনশীল পঢ়ুৱৈৰ হৃদয় স্পৰ্শ কৰিবলেৈ সক্ষম হোৱা সফল সাহিত্যিক।জীৱনৰ বিষাদ গাথাৰে সৃষ্টি উপন্যাসৰ কথামালাৰে তেওঁ প্ৰতিজন অসমীয়াৰে হৃদয়ত এখন সুকীয়া আসন দখল কৰাবলৈ সক্ষম হৈছিল।
২০১১ চনৰ ২৯ নৱেম্বৰত অসমৰত্ন মামনি ৰয়চম গোস্বামীৰ মৃত্যু হয়। জ্ঞানপীঠ বটাঁ বিজয়ী অনন্য ব্যক্তিত্বৰ অধিকাৰিণী মামনি ৰয়চম গোস্বামীৰ সোঁৱৰণত শ্ৰদ্ধাৰে একাজলী শ্ৰদ্ধাঞ্জলি জনাইছো।