পুনৰ মূল সুঁতিলৈ উভতি আহিল চাৰিজন আলফা(স্বাঃ)ৰ সদস্য ৷ আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ উপস্থিতিত সদস্য কেইজনে আত্মসমর্পন কৰে ৷ আত্মসমর্পন কৰে ডিগবৈৰ দীপক হাতীবৰুৱা ওৰফে দিব্য অসম, সোণাৰিৰ যুৱক নয়ন পাটমাউট ওৰফে বিক্ৰম অসম, তিনিচুকীয়াৰ মন্টু মৰাণ ওৰফে কুলাং মৰাণ আৰু পলাশ মৰাণ ওৰফে গোপাল অসম ৷ তেওঁলোকে দুটা হেণ্ডগ্ৰেণেড,এটা পিষ্টল আৰু ২৫ ৰাউণ্ড গুলী জমা দিয়ে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কার্যালয়ত এই আটাইকেইজন সদস্যক গামোচাৰে আদৰণি জনায়।
ডিগবৈৰ দীপক হাতীবৰুৱা ওৰফে দিব্য অসমে ২০১১ চনৰ ২৫ মেত আলফা(স্বা) ত যোগদান কৰিছিল। ৩ মাহ ধৰি ম্যানমাৰত তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷ আলফা(স্বা)ত তেওঁৰ ৰেংক আছিল লেফটেনেন্ট ৷
সোণাৰিৰ যুৱক নয়ন পাটমাউট ওৰফে বিক্ৰম অসমে ২০১০ চনত আলফা(স্বা) ত যোগদান কৰিছিল। ম্যানমাৰৰ টাকা কেম্পত তেওঁ প্ৰশিক্ষণ লাভ কৰিছিল। আলফা(স্বা)ত তেওঁৰ ৰেংক আছিল কেপ্টেইন ৷
তিনিচুকীয়াৰ মন্টু মৰাণ ওৰফে কুলাং মৰাণে ২০১৮ চনৰ ৪ ডিচেম্বৰত যোগদান কৰিছিল আলফা(স্বাঃ)ত। ম্যানমাৰতে প্ৰশিক্ষণ লাভ কৰা মন্টু মৰাণৰ ৰেংক আছিল চিপিএল ৷ তিনিচুকীয়াৰ পলাশ মৰাণ ওৰফে গোপাল অসমে ২০২১ চনত আলফা(স্বা)ত যোগদান কৰিছিল।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ এডিজিপি হীৰেণ চন্দ্ৰ নাথে সদৰী কৰা অনুসৰি চলিত বর্ষত ১১ জন আলফা সদস্যই আত্মসমর্পন কৰিছে ৷ আনহাতে গ্ৰেপ্তাৰ হৈছে ১৬ জন আলফা সদস্য ৷