কোকৰাঝাৰ চহৰত বুধবাৰে পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তৰ আক্ৰমণ এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তাৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ পত্নী ৷
ঘটনা বিবৰণী অনুসৰি কোকৰাঝাৰ চহৰৰ বিধানপল্লীত বুধবাৰে পুৱা প্ৰায় ৫-৩০ বজাৰ পৰা ৬ বজাৰ ভিতৰত সংঘটিত হয় ঘটনা। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা অৱসৰপ্ৰাপ্ত অভিযন্তা জন হৈছে তপন চক্ৰৱৰ্তী (৭২) ৷ আনহাতে তেওঁৰ পত্নী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমতি বেনাৰ্জী (৬৫) এই আক্ৰমণত গুৰতৰভাৱে আহত হয় ।
প্ৰাপ্ত তথ্য অনুসৰি আক্ৰমনৰ বলি হোৱা দম্পত্তীৰ পুত্ৰ বেংগালুৰত আৰু কন্যা আমেৰিকাত বাস কৰে । জানিব পৰা মতে আজি পুৱাৰ ভাগত ঘৰৰ গেটৰ সন্মুখত বহি আছিল তপন চক্ৰৱৰ্তী। ইয়াৰ কিছু সময়ৰ পাছতে স্থানীয় লোকে তেওঁলোকৰ ঘৰত হুলস্থুল ওলাই আহে ৷ সেই সময়ত ঘৰখনৰ গেটখন বন্ধ হৈ আছিল ৷ ইফালে বাহিৰত স্থানীয় লোকৰ উপস্থিতিৰ কথা জানিব পাৰি তপন চক্ৰৱৰ্তীয়ে ভিতৰৰ পৰা গেট পাৰ হৈ ঘৰত প্ৰৱেশ কৰিবলৈকয় । সেই অনুসৰি গেট পাৰ হৈ ঘৰত প্ৰৱেশ কৰাত ৰক্তাক্ত অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰা হয় । তপন চক্ৰৱৰ্তীয়ে স্থানীয় লোকজনৰ হাততে গেটৰ ছাবি গতাই দি সম্পূৰ্ণ ঘটনাৰ বিৱৰণ দিয়ে। তেওঁ ‘সিং’ নামৰ এজন লোকে তেওঁলোকক আক্ৰমণ কৰা বুলি জনায়। ইয়াৰ কিছু সময়ৰ পাছতে তেওঁ অজ্ঞান হৈ পৰে।
ইফালে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ আগত কয় যে পুৱা ৪-৩০ ৰ পৰা ৫ বজাত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু কৃষি বিভাগৰ প্ৰাক্তন বিষয়াক তেওঁৰ ঘৰতে ৰং মিস্ত্ৰী বা মিস্ত্ৰী হিচাপে কাম কৰি থকা এজন লোকে আক্ৰমণ কৰিছে। ফলত তপন চক্ৰৱৰ্তী নিহত হোৱাৰ লগতে তেওঁৰ পত্নীৰ অৱস্থা সংকটজনক।
ঘটনাৰ খবৰ পোৱা মাত্ৰকে তপন চক্ৰৱৰ্তীৰ বাসগৃহত উপস্থিত হয় স্থানীয় আৰক্ষীৰ লগতে জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীও। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আক্ৰমণত ব্যৱহাৰ কৰা এখন দাঁ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় সকলো নমুনা সংগ্ৰহ কৰিছে। এয়া ডকাইতিৰ ঘটনা নে এই আক্ৰমণৰ ওপৰত আন কিবা উদ্দেশ্যে আছে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷